অসম

assam

Corruption in supply of rice: দুখীয়াৰ মুখৰ চাউল কাঢ়ি ক'লা বজাৰত বিক্ৰী সমবায় সমিতিৰ

By

Published : Jul 19, 2022, 9:28 PM IST

দক্ষিণ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আমছুৰ (Allegation of corruption against South Baguribari Cooperative Society)৷ দুখীয়াৰ মুখৰ চাউল কাঢ়ি ক'লা বজাৰত বিক্ৰীৰ অভিযোগ সমবায় সমিতিৰ বিৰুদ্ধে ৷ দুৰ্নীতি সন্দৰ্ভত যোগান মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি আমছুৰ সংবাদমেল (AMSU press conference seeking intervention of Supply Minister) ৷

Corruption in rice
Corruption in rice

বৰপেটা, 19 জুলাই : বৰপেটাৰ দক্ষিণ বগুৰীবাৰী সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে দুখীয়া হিতাধিকাৰীৰ ভাগৰ চাউল কাঢ়ি খোৱাৰ অভিযোগ (Allegation of corruption against South Baguribari Cooperative Society) ৷ আমছুৰ দক্ষিণ বৰপেটা সমিতিয়ে মঙলবাৰে বৰপেটা প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সমবায় সমিতিখনত সংঘটিত হৈ অহা কেতবোৰ দুৰ্নীতি তথা অনিয়মৰ কথা উল্লেখ কৰে ৷ এইক্ষেত্ৰত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় আমছুৱে (AMSU press conference seeking intervention of Supply Minister) ৷

সংবাদমেলত দক্ষিণ বৰপেটা আমছুৱে তোলা অভিযোগ অনুসৰি চলিত জুন আৰু জুলাই মাহত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে দুখীয়া লোকে লাভ কৰিবলগীয়া অন্ন সুৰক্ষা যোজনাৰ চাউল হিতাধিকাৰীক বিতৰণ কৰা হোৱা নাই ৷ ইয়াৰ পৰিৱৰ্তে সমুদায় চাউল আত্মসাৎ কৰা বুলি দক্ষিণ বগুৰীবাৰী সমবায় সমিতৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে অভিযোগ তোলে আমছুৱে (Corruption in National food security scheme) ৷

দুখীয়াৰ মুখৰ চাউল কাঢ়ি ক'লা বজাৰত বিক্ৰী সমবায় সমিতিৰ

আনকি বিগত এপ্ৰিল, মে’ আৰু জুন মাহৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৱন্টিত মধ্যাহ্ন ভোজনৰ চাউল বিদ্যালয় সমূহত বিতৰণ নকৰি ক'লা বজাৰত বিক্ৰীৰ অভিযোগ তুলিছে আমছুৱে ৷

বৰপেটাৰ চেঙা সমষ্টিৰ চৰাঞ্চলৰ দক্ষিণ বগুৰীবাৰী সমবায় সমিতিয়ে দুখীয়া লোকৰ বাবে আৱন্টিত অন্ন সুৰক্ষা যোজনাৰ চাউল (Pradhan Mantri Garib Kalyan Anna Yojana) হিতাধিকাৰীক বিতৰণৰ পৰিৱৰ্তে প্ৰায়ে চোৰাং ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰা বুলি অভিযোগ তোলে সংগঠনে ৷ লগতে প্ৰায় ১৫ দিন পূৰ্বে বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক শেখ আব্দুল্লা ওৱাহিদীয়ে ক’লা বজাৰত বিক্ৰী কৰাৰ বাবে নিয়া ২৮০ কুইন্টল চাউল কাছুমাৰা থানাৰ আৰক্ষীয়ে জব্দ কৰাৰ কথাও উল্লেখ কৰে ৷

লক্ষ্যণীয়ভাৱে, সমবায় সমিতিৰ সভাপতি-সম্পাদকৰ বিৰুদ্ধে কাছুমাৰা থানাত 19/2022 নম্বৰত গোচৰ ৰুজু হৈছে যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি নিৰ্ভয়ে দম্ভালি মাৰি ফুৰিছে দুয়োৱে ৷ দুখীয়াৰ চাউল কাঢ়ি খোৱাৰ লগতে সমবায় সমিতিখনখনৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন পিচতো বিভাগীয় কৰ্তৃপক্ষই সমবায় সমিতিখনৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আমছুৰ ৷

এইক্ষেত্ৰত সমবায় সমিতিখনত সংঘটিত দুৰ্নীতি সন্দৰ্ভত যোগান মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি আমছুৱে সংবাদমেল সম্বোধন কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৷

লগতে পঢ়ক :PDS scheme rice rotted: আৰক্ষী থানাতে পচিছে কুইণ্টলে কুইণ্টলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল

ABOUT THE AUTHOR

...view details