বৰপেটা,8 এপ্ৰিল: অসমীয়া আবেগ ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন। চেনেহৰ ৰঙালী বিহুটি আদৰিবলৈ ঠায়ে ঠায়ে চলিছে বিভিন্ন প্ৰস্তুতি। সাংস্কৃতিক সন্ধিয়াৰ শিল্পী সকলো ব্যস্ত হৈ পৰিছে আখৰা গৃহ সমূহত । বিগত বছৰ কৰ'ণা সৃষ্ট পৰিবেশৰ কাৰণে অনুষ্ঠিত কৰিব পৰা নগৈছিল বিহু অথবা সাংস্কৃতিক অনুষ্ঠান সমূহ। এইবাৰো যেন চিন্তিত হৈ পৰিছে একাংশ শিল্পীৰ লগতে বিহুৰ লগত জড়িত সামগ্ৰীৰ বিক্ৰেতা সকল ৷ ক’ৰণা মহামাৰীৰ বিহু উদযাপন কৰিব পাৰিব নে নাই তাক লৈও চিন্তিত হৈ পৰিছে অসমবাসী ৷ তাৰ মাজতে বিহু কমিটি সমূহে ইতিমধ্যে বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰা দেখা গৈছে ।
ৰঙালী বিহুলৈ কেইটামান দিন: উচাহ নাই ঢোল বিক্রেতাৰ - ক’ৰণা মহামাৰী
বিগত বছৰ কৰ'ণা সৃষ্ট পৰিবেশৰ কাৰণে অনুষ্ঠিত নহ’ল বিহু অথবা সাংস্কৃতিক অনুষ্ঠানসমূহ । এইবাৰো যেন চিন্তিত হৈ পৰিছে একাংশ শিল্পীৰ লগতে বিহুৰ লগত জড়িত সামগ্ৰীৰ বিক্ৰেতা সকল ৷ ক’ৰণা মহামাৰীৰ বিহু উদযাপন কৰিব পাৰিব নে নাই তাক লৈও চিন্তিত হৈ পৰিছে অসমবাসী ৷

ৰঙালী বিহুলৈ কেইটামান দিন, আনন্দ নাই ঢোল বিক্রেতাৰ
ৰঙালী বিহুলৈ কেইটামান দিন, আনন্দ নাই ঢোল বিক্রেতাৰ
সম্প্ৰতি ৰাজ্যৰ কেইবাখনো জিলাত জিলা প্ৰশাসনে ক’ৰণা মহামাৰী সংক্ৰমণ ৰোধৰ বাবে 144 ধাৰা জাৰি কৰা দেখা গৈছে ৷ যাৰ ফলস্বৰূপে বিপাঙত পৰিছে বজালী জিলাৰ পাঠশালাৰ ঢোল বিক্রেতা সকল ৷ বিগত বছৰ ক’ৰণাৰ মহামাৰীৰ বাবে প্ৰায় লক্ষাধিক টকাৰ লোকচানৰ সম্মুখীন হ’ব লগা হৈছে ঢোল বিক্রেতা সকল । বিগত বছৰ সমূহত প্ৰায় বিশ, ত্ৰিশটাকৈ ঢোলৰ অৰ্ডাৰ লাভ কৰিছিল যদিও এইবছৰ দোকানত নাই গ্ৰাহকৰ ভিৰ ৷ যাৰ ফলত চিন্তিত হৈ পৰিছে ঢোল বিক্ৰেতা সকল ৷