অসম

assam

By

Published : Aug 14, 2020, 10:15 PM IST

ETV Bharat / state

বৰপেটাত অম্বিকাগিৰি ৰায়চৌধুৰীৰ গীতৰ এলবাম মুকলি

অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এশ বছৰ পূৰ্বে যিখিনি কথা কৈছিল তাৰ প্ৰতিটো কথাই আজি সত্যত পৰিণত হৈছে জাতিটো কোন দিশে গতি কৰিছে সেয়া সকলোৱে দেখিছে বুলি বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ দুখ প্ৰকাশ ৷

Ambikagiri song release at barpeta
Ambikagiri song release at barpeta

বৰপেটা, 14 আগষ্টঃ কাইলৈ 74 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ পূৰ্বে সত্ৰনগৰী বৰপেটাত অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ গীত উন্মোচন ৷ স্বাধীনতা ৰণৰ যোদ্ধা, অসমকেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটি আপুৰুগীয়া গীত পুনৰুদ্ধাৰ কৰি বৰপেটাৰ একাংশ প্ৰবীন শিল্পীয়ে শুকুৰবাৰে নতুনকৈ বাণীবদ্ধ কৰি ন-ৰূপত মুকলি কৰে ৷

সত্ৰনগৰী বৰপেটাৰ হেমেন দাস, অমেন কুমাৰ বায়ণ, গুনীন্দ্ৰ নাথ ওজা আদি কেবাগৰাকীও শিল্পীয়ে কন্ঠদান কৰা গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷

স্বাধীনতা সংগ্ৰামৰ তেজে লিখা ইতিহাসৰ জালিৱানাবাগৰ ঘটনাৰ পিচতেই অম্বিকাগিৰি ৰায় চৌধুৰীয়ে লিখা জাগ জাগ জাগ ভাৰত সন্তান হিন্দু-মুছলমান গীতটো মুকলি কৰি বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে জালিৱানৱালাবাগৰ ঘটনাৰ পটভূমিত ৰচিত গীতটোৱে আমাৰ মনত ভাৰতীয়ত্ব ভাৱ জগাই তোলাৰ লগতে জাতীয়প্ৰেমত উদ্বুদ্ধ কৰি তোলে বুলি প্ৰকাশ কৰে ৷

বৰপেটাত অম্বিকাগিৰি ৰায়চৌধুৰীৰ গীতৰ এলবাম মুকলি

আনহাতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এশ বছৰ পূৰ্বে যিখিনি কথা কৈছিল তাৰ প্ৰতিটো কথাই আজি সত্যত পৰিণত হৈছে আৰু জাতিটো কোন দিশে গতি কৰিছে সেয়া সকলোৱে দেখিছে বুলিও বিধায়কগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে ৷

অসমীয়া জাতিৰ ভৱিষ্যতৰ কথাই সদায় শংকিত কৰি তোলা অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিস্মৃত গীত সমূহ উদ্ধাৰৰ প্ৰচেষ্টাৰ শলাগ লয় বিধায়কগৰাকীয়ে ৷ ইপিনে বৰপেটাৰ সত্ৰীয়া শিল্পী গুনীন্দ্ৰ নাথ ওজাই দেশ আৰু জাতিক জাগ্ৰত কৰি তোলা অম্বিকাগিৰিৰ গীতসমূহ আদৰি ল’বলৈ আৰু তাৰ চৰ্চা অব্যাহত ৰাখিবলৈ ৰাইজলৈ আহ্বান জনায় ৷ এই গীতৰ মুকলি অনুষ্ঠানত সত্ৰনগৰী বৰপেটাৰ বহু বিশিষ্ট শিল্পী, সাহিত্যিক, নাগৰিক উপস্থিত থাকে ৷

লগতে চাওক-অসম ৰাজ্যিক চিৰিয়াখানাত কোন এই চিম্বা আৰু চুলতান !

ABOUT THE AUTHOR

...view details