অসম

assam

ETV Bharat / state

নাবালিকা ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে - কলগাছিয়াত ধৰ্ষণৰ অভিযোগ

কলগাছিয়াৰ মোৱামৰী গাঁৱত অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক একেখন গাঁৱৰে যুৱক এজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ । কলগাছিয়া থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ । আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ।

Alleged rape of a minor in eighth grade at Kolgachia
Alleged rape of a minor in eighth grade at Kolgachia

By

Published : Aug 31, 2020, 10:31 PM IST

জনীয়া, 31 আগষ্ট: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰী গাঁৱত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি একেখন গাঁৱৰে এজন যুৱকে প্ৰৱেশ কৰি অষ্টম শ্ৰেণীত পঢ়া 14 বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

অষ্টম শ্ৰেণীত পঢ়া নাবালিকাক ধৰ্ষণৰ অভিযোগ

ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও ৰহস্যজনক ভাৱে আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । ইফালে ছোৱালীগৰাকীৰ পৰিয়ালে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ বাবে পুনৰ ল'ৰা ঘৰৰ পৰিয়ালে ছোৱালীজনীক হত্যা কৰিবলৈ নিশা ছোৱালীৰ ঘৰত প্ৰৱেশ কৰে বুলি ভুক্তভোগীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

সোমবাৰে পুৱা ছোৱালীগৰাকী মাতৃৰ সৈতে কলগাছিয়ালৈ ওলাই আহিবলৈ লওঁতেই ল'ৰাৰ দেউতাক তচেৰ আলী আৰু পৰিয়ালৰ লোকে ছোৱালীজনীৰ লগতে মাকক বাট আগচি ধৰি শাৰীৰিক প্ৰহাৰ কৰা বুলি পুনৰ কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত কলগাছিয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । ইপিনে কলগাছিয়াৰ আৰক্ষীয়ে গোচৰটোৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি এগৰাকী সমাজ কৰ্মীয়ে জানিবলৈ দিয়ে । এতিয়া ঘটনাৰ তদন্ত মৰ্মে ন্যায় বিচাৰৰ দাবী জনাইছে পৰিয়ালৰ লোক তথা স্থানীয় সমাজ সচেতন ৰাইজে ।

লগতে চাওক-ঘাট মাউৰা হোৱা চাৰি সন্তানৰ কৰুণ কাহিনী...

ABOUT THE AUTHOR

...view details