অসম

assam

ETV Bharat / state

নিৰ্মাণৰ ছমাহ পিছতেই দলঙত ফাঁটঃ সকলো মেনেজ KMCৰ ওচৰত - KMC

পাটাছাৰকুছিৰ পৰা কালজাৰ পৰ্যন্ত মুঠ 27.2 কিলোমিটাৰ পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল KMC নামৰ এটা নিৰ্মাণকাৰী সংস্থাই ৷ 2005 চনতে নিৰ্মাণৰ কাম আৰম্ভ কৰা সংস্থাটোৱে 14 বছৰ পিচটো সম্পূৰ্ণ কৰিব নোৱাৰিলে নিজৰ কাম ৷

নিৰ্মাণৰ ছমাহ পিছতেই দলঙত ফাঁটঃ সকলো মেনেজ KMCৰ ওচৰত

By

Published : May 12, 2019, 5:15 PM IST


পাঠশালা, 12 মেঃ পাঠশালাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী ৷ মাত্ৰ 6 মাহ পূৰ্বে মুকলি কৰা ৰেলৱে ক্ৰছিং অভাৰব্ৰীজত মেলিছে চিৰাল ফাট ৷

উল্লেখযোগ্য যে, পাটাছাৰকুছিৰ পৰা কালজাৰ পৰ্যন্ত 27.2 কিলোমিটাৰ পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল KMC নামৰ নিৰ্মাণকাৰী সংস্থাই ৷ 2005 চনতে নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল আৰু 2008 ত সম্পন্ন কৰাৰ নিৰ্দেশনা আছিল সংস্থাটোৰ ওপৰত ৷ কিন্তু 14 বছৰৰ অন্তত কোনোমতে নিৰ্মাণৰ কাম সম্পন্ন কৰিবলৈ সক্ষম হৈছিল KMCয়ে ৷ নিৰ্মাণৰ নামত কোটি কোটি টকাৰ ধন আত্মসাৎ কৰাৰ লগতে নিৰ্মাণৰ 6 মাহ পিচতেই বিভিন্ন ঠাইত দেখা গৈছে প্ৰকাণ্ড প্ৰকাণ্ড ফাঁট ৷

নিৰ্মাণৰ ছমাহ পিছতেই দলঙত ফাঁটঃ সকলো মেনেজ KMCৰ ওচৰত

পাঠশালা চহৰৰ সমীপত থকা ৰেলৱে ক্ৰছিং অভাৰব্ৰীজখনৰ ক্ষেত্ৰটো দেখিবলৈ পোৱা গৈছে একেই দৃশ্য ৷ দলংখনৰ এটা অংশ নিৰ্মাণ নকৰাকৈয়ে মুকলি কৰি দিয়া হৈছিল যদিও এতিয়া তাতো ফাঁট মেলিছে ৷ ফলত বন্ধ কৰি দিব লগা হৈছে দলংখন ৷ এইক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অনুৰোধ জনাই অহা হৈছে যদিও সকলো দেখি বুজিও যেন মেনেজ হৈ আছে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰী বিভাগ ৷

ABOUT THE AUTHOR

...view details