জনীয়া, 12 জুলাই : বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অধীনৰ কলগাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আমগুৰি গাঁৱত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ প্ৰাপ্ত অভিযোগ মতে, চলিত বৰ্ষত এনৰেগা (MGNREGA) আঁচনিৰ অধীনত 9 লাখ 38 হাজাৰ 494 টকা ব্যায় সাপেক্ষে কলগাছিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য গিয়াচ উদ্দিনে বালি-মাটিৰে নিৰ্মাণ কৰিছিল এটা পথ ৷ কিন্তু এজাক বৰষুণতে ৰাস্তাটো জহি খহি যোৱাত যমৰ-যাতনা ভুগিব লগা হৈছে গাঁওখনৰ ৰাইজে ৷
ৰাস্তাটো বালি-মাটিৰে নিৰ্মাণ কৰি তথা ব্যাপক দুৰ্নীতি সংঘটিত কৰি সিংহ ভাগ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আঞ্চলিক সদস্য গিয়াছ উদ্দিন আৰু কলগাছিয়া মণ্ডল কংগ্ৰেছৰ সভাপতি নুৰুল হকৰ বিৰুদ্ধে ৷ পথটো বিললৈ নিৰ্মাণ কৰিব লাগিছিল যদিও অৰ্ধনিৰ্মিত কৰি থোৱাত পানী গচকি টুলুঙা নাৱেৰে পাৰাপাৰ হ'ব লগা হৈছে অঞ্চলটোৰ ৰাইজে ৷ অৱশ্যে ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাই এখন টুলুঙা নাৱৰ ব্যৱস্থা কৰিছে যদিও ৰাইজে টুলুঙা নাৱেৰে বিপদজনকভাৱে যাতায়ত কৰিব লগা হৈছে ৷