বৰপেটা, ১৮ নৱেম্বৰ:ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন শিতানত আন্তঃগাথনি উন্নয়ণৰ নামত আৱন্টিত পুঁজিৰ ব্যৱহাৰৰ নামত ব্যাপক অনিয়মৰ বাতৰি সংবাদ মাধ্যমত প্ৰায়েই প্ৰকাশ পাই অহা পৰিলক্ষিত হয় ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে নলা মেৰামতিৰ নামত আৱন্টিত পুঁজিৰ অপচয়ৰ আন এক তথ্য ৷ বৰপেটাত নলা মেৰামতিৰ নামত সংঘটিত হৈছে বৃহৎ অনিয়ম ৷ এই অভিযোগ আমাৰ নহয়, এই অভিযোগ স্থানীয় ৰাইজৰ (Allegations of corruption in drain repairing) ৷
উল্লেখ্য যে বৰপেটা পৌৰসভাৰ বি কে ৰোড (BK Road Barpeta Municipality) আৰু লোহিত চন্দ্ৰ নায়ক পথৰ কাষত থকা নলাটো মেৰামতি কৰিবলৈ আৱন্টিত হৈছিল ধন ৷ কিন্তু নলাটো মেৰামতিৰ নামত বৃহৎ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ (Irregularities in name of drain repair) ৷ স্থানীৰ ৰাইজৰ অভিযোগ, নলা নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যৱহাৰ কৰিছে নিম্নমানৰ সামগ্ৰী ৷ লগতে প্ৰাক কলন অনুসৰি কাম নকৰাৰো অভিযোগ ৷
প্ৰায় ৪০০ মিটাৰ দৈৰ্ঘৰ নলাটোৰ মেৰামতিৰ নামত প্ৰায় ৩ লাখ ২০ হাজাৰ টকা ধাৰ্য কৰিছিল বৰপেটা পৌৰসভাই ৷ পিছে নলাটোৰ মেৰামতিৰ সময়ত অতি নিম্নমানৰ ইটা ব্যৱহাৰ কৰিছে ঠিকাদাৰে ৷ তাৰোপৰি প্ৰাক কলন অনুসৰি নলাটোৰ পথৰ কাষৰ অংশত ১০ ইঞ্চি ইটা ব্যৱহাৰ কৰিব লাগে যদিও ঠিকাদাৰে ব্য়ৱহাৰ কৰিছে ৫ ইঞ্চি ইটাহে ৷