জনিয়া, 15 অক্টোবৰ :বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত তিতাপানী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । একাংশ গাঁওবুঢ়া আৰু জীৱিকা সখীয়ে মিলি দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে ।
উল্লেখ্য যে, তিতাপানী গাঁও পঞ্চায়তত অৰুণোদয় 2.0 আঁচনিৰ নতুনকৈ প্ৰকাশ পোৱা তালিকাত 10 টা ৱাৰ্ডত 400ৰো অধিক লোকৰ নাম অন্তৰ্ভুক্ত হৈছে ৷ কিন্তু তালিকাখনত একাংশ ধনী মানুহৰ নাম সোমাইছে বুলি অভিযোগ তিতাপানী গাঁও পঞ্চায়তৰ বঞ্চিত লোকৰ ৷
এই ক্ষেত্ৰত গাঁও বুঢ়া আৰু জীৱিকা সখীয়ে ধনৰ বিনিময়ত অযোগ্য ব্যক্তিক তালিকাত অন্তৰ্ভুক্ত কৰিছে ৷ উক্ত তালিকাত পঞ্চায়ত সভাপতি, জীৱিকা সখী আৰু গাঁওবুঢ়াৰ আত্মীয়ৰ নাম অন্তৰ্ভুক্ত হৈছে ৷ তথাপিও গাঁওখনৰ বিশেষভাৱে সক্ষম আৰু দুখীয়া পৰিয়ালৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।