অসম

assam

ETV Bharat / state

বৰটাৰী গৰাখহনীয়া প্ৰতিৰোধৰ আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ আমছুৰ - Aamsu alleged widespread corruption preventing bortari erosion

ৰাজ্যৰ ভিন্ন প্ৰান্তত খহনীয়াই লৈছে কালৰূপ(Erosion in Assam) । খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰেও লৈছে বিভিন্ন পদক্ষেপ । কিন্তু খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক অনিয়ম হোৱাৰো উত্থাপিত হৈছে অভিযোগ । বৰটাৰী গৰাখহনীয়া প্ৰতিৰোধৰ নামতো ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে(Allegations of corruption in prevention scheme of erosion) ।

aamsu reaction on bartari scheme
বৰটাৰী গৰাখহনীয়া প্ৰতিৰোধৰ আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ আমছুৰ

By

Published : May 21, 2022, 9:13 PM IST

জনীয়া,২১ মে':ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে(Erosion in Assam) । ইয়াৰ মাজতে খহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি হোৱাৰো অভিযোগ উত্থাপিত হৈছে । শেহতীয়াকৈ বৰটাৰী গৰাখহনীয়া প্ৰতিৰোধৰ আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলিলে আমছুয়ে(Allegations of corruption in prevention scheme of erosion) ।

অভিযোগ অনুসৰি বৰটাৰীত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে SOPD আঁচনিৰ অধীনত ৩ কোটি ৩১ লাখ ৯২ হেজাৰ টকা আৱন্টন দিছিল । কিন্তু এই ধনৰাশিৰ মাত্ৰ ৩০ লাখ টকাৰ কাম হোৱাৰ অভিযোগ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ।

বৰটাৰী গৰাখহনীয়া প্ৰতিৰোধৰ আচঁনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ আমছুৰ

এই সন্দৰ্ভত ঠিকাদাৰ, বিভাগীয় বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে । লগতে চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে আমছুৱে । খহনীয়াস্থলী পৰিদৰ্শন কৰাৰ পিছতেই এই মন্তব্য আমছুৰ সভাপতিগৰাকীৰ ।

লগতে বৰপেটাৰ সাংসদ আব্দুল খালেকে দিয়া প্ৰত্যাহ্বান আমছুয়ে গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ৰেজাউল কৰিম সৰকাৰে । গতিকে শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ নামত হোৱা দুৰ্নীতিৰ তদন্ত কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আমছুৰ নেতৃত্বই ।

লগতে পঢ়ক:ৰাজ্যৰ প্ৰতিষ্ঠিত বিৰোধী ৰাজনৈতিক দলসমূহৰ কোনো ভৱিষ্যত নাই : মামুন ইমদাদুল হক চৌধুৰী

ABOUT THE AUTHOR

...view details