অসম

assam

Allegations of corruption at Govt school : শিক্ষাৰ্থীৰ বাবে অহা চৰকাৰী চাউলেৰে খক পূৰণ কৰাৰ অভিযোগ শিক্ষক লালমামুদৰ বিৰুদ্ধে !

By

Published : Jun 25, 2023, 12:03 PM IST

একাংশ দুৰ্নীতিগ্ৰস্ত শিক্ষক-কৰ্মচাৰীৰ বিৰুদ্ধে ডুব গৈছে ৰাজ্যৰ শিক্ষা বিভাগ ৷ চৰকাৰী ধনেৰে নোজোৰা কলগাছিয়াৰ বালিকুৰি আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক লালমামুদে চৰকাৰী চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

Etv Anti corruption team
একাংশ দুৰ্নীতিগ্ৰস্ত শিক্ষক-কৰ্মচাৰীৰ বিৰুদ্ধে ডুব গৈছে ৰাজ্যৰ শিক্ষা বিভাগ

খকে লগ এৰা নাই ৰাজ্যৰ একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াক

জনীয়া, 25 জুন : খকে লগ এৰা নাই ৰাজ্যৰ একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াক ৷ পাৰ্যমানে আনৰ বস্তুলৈহে চকু যায় একাংশ চৰকাৰী বিষয়াৰ ৷ অৱশ্যে অসম আৰক্ষী তথা দুৰ্নীতি নিবাৰক শাখাই বিভিন্ন সময়ত বহু দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীক আটক কৰিছে যদিও নাকি লগাবলৈ সক্ষম হোৱা নাই ৷ এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে কলগাছিয়াৰ বালিকুৰি আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক লালমামুদৰ বিৰুদ্ধে ৷

জানিব পৰা মতে, চৰকাৰে দিয়া বিনামূলীয়া চাউল নিৰ্ধাৰিত জোখতকৈ কম কৈ খৰচ কৰে কলগাছিয়াৰ বালিকুৰি আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক লালমামুদে ৷ বাকী থকা চাউলখিনি আত্মসাৎ কৰে প্ৰধান শিক্ষক লালমামুদে ৷ এই কথা গম পাই পৰিচালনা সমিতিৰ একাংশ সদস্যৰ লগতে পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে শিক্ষা বিষয়াক অৱগত কৰে ৷ এই বিষয়ে শিক্ষা বিষয়াগৰাকীয়ে জানিব পৰা পাচতে শনিবাৰে উপস্থিত হয় বিদ্যালয়খনত আৰু আৰম্ভ কৰে তদন্ত ৷

আনহাতে, অভিযোগ অনুসৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মাজিদুল ইছলামক অন্ধকাৰত ৰাখি প্ৰধান শিক্ষক লালমামুদে নিজা মৈমতালিৰে আন্তঃগাঁথনিৰ টকা আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক লালমামুদে অভিভাৱক অভিভাৱিকাসকলকো দু-ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

স্থানীয় ৰাইজৰ লগতে পৰিচালনা সমিতিৰ সভাপতিৰ অভিযোগৰ ভিত্তিতে বিদ্যালয়খনত পৰীক্ষা চলি থকাৰ মাজতে জিলা শিক্ষা বিষয়াগৰাকী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ৷ লগতে জিলা শিক্ষা বিষয়াগৰাকীয়ে অতি শীঘ্ৰে পৰিচালনা সমিতিক এখন সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

এই সভাতে বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে অহা সমূহ চৰকাৰী চাউলৰ হিচাপ দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হয় ৷ অন্যথা পৰৱৰ্তী সময়ত কলগাছিয়াৰ বালিকুৰি আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক লালমামুদক শাস্তি প্ৰদান কৰা হ’ব বুলিও সকিয়নি প্ৰদান কৰা হয় ৷ জিলা শিক্ষা বিষয়াগৰাকীৰ নিৰ্দেশক মানি লয় কলগাছিয়াৰ বালিকুৰি আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক :Police officer caught taking bribe: এইবাৰ উৎকোচ লৈ জালত পৰিল স্বয়ং আৰক্ষী উপ-পৰিদৰ্শক

ABOUT THE AUTHOR

...view details