জনিয়া, 7 মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়া অঞ্চলৰ বাবে অভিশাপস্বৰূপে পৰিগণিত হৈ আহিছে বেকী নদী ৷ প্ৰতিটো বৰ্ষতে কলগাছিয়া ৰাজহ চক্ৰৰ মাজেদি বৈ যোৱা বেকী নদীয়ে আমগুৰি, সূতিৰপাথাৰ আৰু শওপুৰ অঞ্চলত গৰাখহনীয়া সৃষ্টি কৰাৰ লগতে নদীখনৰ বাবে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে গাঁওবাসী ৷ ইয়াৰোপৰি আমগুৰি-কৰাৰকুৰ সংযোগী পথৰ ভালেখিনি ঠাই বেকী নদীৰ বুকুত জাহ গৈছে ৷
শেহতীয়াকৈ নদীখনত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিশ্ব বেংকে অনুমোদন অনুসৰি প্ৰশাসনে কাম আৰম্ভ কৰিছিল (Kalgachia Erosion Protection project) ৷ কিন্তু পৰিতাপৰ কথা যে, খহনীয়া প্ৰতিৰোধৰ কামৰ আৰম্ভনিতেই দুৰ্নীতি সংঘটিত হোৱাৰ ব্যাপক অভিযোগ উত্থাপন হৈছে (Erosion Protection project Irregularities )। জানিব পৰামতে বিভাগীয় অভিযন্তাৰ খামখেয়ালিৰ বাবে নিয়ম বহিঃৰ্ভূতভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰি আছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে (Erosion Protection project scam) ৷
স্থানীয় লোকে কোৱা অনুসৰি অতি নিম্নমানৰ কাম কৰিছে বিভাগীয় অভিযন্তাই (Locals protest against engineer) ৷ উল্লেখ্য যে কেইমাহমান আগত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শওপুৰ বেকী নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিছিল ৷ তেতিয়াতে ২০২২ বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহতেই গৰখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰাৰ আশ্বাস প্ৰদান কৰিছিল ৷ তাৰ পিচতো পলমকৈ হ’লেও ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কাম আৰম্ভ কৰে যদিও অতি লেহেমীয়া গতিত কাম আৰম্ভ হৈছে ৷