জনিয়া, 22 জুলাই: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ (Kalgachiya police station) অন্তৰ্গত চেনিমাৰী গাঁৱত শুকুৰবাৰে মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে গ্ৰাম্য সখী চুপাৰভাইজৰ নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনিয়মৰো অভিযোগ উত্থাপন কৰে মহিলাসকলে (Allegations of corruption in appointment of gramya Sakhi supervisor) ৷
উল্লেখ্য যে, ৫৩ নং তিতাপানী পঞ্চায়তৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটৰ একাউণ্ট খুলি দিয়াৰ নামত প্ৰতিগৰাকী সদস্যাৰ পৰা ৫০০ টকাকৈ ধন লোৱাৰ অভিযোগ উত্থাপন কৰে ভোক্তভুগী মহিলাসকলে । আনহাতে ওৰ্ৱাক ছাইড চুপাৰভাইজৰৰ নিযুক্তিৰ দিয়াৰ নামত জীৱিকা সখী অঞ্জোমা খাতুনে বিশ হাজাৰ টকা লৈছে বুলিও ভোক্তভুগী মহিলাই উল্লেখ কৰে ।