অসম

assam

ETV Bharat / state

Allegations of corruption against the headmaster: ETV ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচত গা লৰিল বিভাগীয় কৰ্তৃপক্ষৰ - Allegations of corruption against the headmaster

১২৫৫ নং দক্ষিণ বৰভিঠা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ব্যাপক দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত চলিত মাহৰ ২৫ তাৰিখে বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল । উক্ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচত সোমবাৰে বিদ্যালয়ত উপস্থিত হ’ল বিভাগীয় কৰ্তৃপক্ষৰ লোক ।

Allegations of corruption against the headmaster
প্ৰধান শিক্ষকৰ ব্যাপক দুৰ্নীতি

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 4:59 PM IST

প্ৰধান শিক্ষকৰ ব্যাপক দুৰ্নীতি

জনিয়া, 28 আগষ্ট :ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত ১২৫৫ নং দক্ষিণ বৰভিঠা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ। উক্ত বিদ্যালয়ত চৰকাৰী বন্ধ নথকা সত্বেও শুকুৰবাৰে অৰ্থাৎ চলিত মাহৰ ২৫ তাৰিখে বিদ্যালয়খনত ১২:৩০ বজাৰ পিচতো ওলমি আছিল তলা । অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা প্ৰদৰ্শন কৰাৰ সময়তে বেপৰোয়া প্ৰধান শিক্ষক আবু নিছাৰে সঘনাই নিজ কৰ্তব্যত গাফিলতি কৰি সময়তকৈ বহু আগতেই বিদ্যালয় ছুটী দিয়াৰ অভিযোগ উত্থাপিত হৈছিল । বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে উত্থাপন কৰিছিল কেইবাটাও গুৰুতৰ অভিযোগ ।

জানিব পৰা মতে, বৰপেটা জিলাৰ ৰূপসী শিক্ষা সংমণ্ডলৰ অন্তৰ্গত ১২৫৫ নং দক্ষিণ বৰভিঠা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিজ কৰ্তব্যক ফাঁকি দি প্ৰায়েই বিদ্যালয় আগতীয়াকৈ ছুটী দি গুচি যোৱাৰ অভিযোগ উত্থাপিত হৈছিল । কেৱল এইখিনিতে ক্ষান্ত নাথাকি প্ৰধান শিক্ষকে বিদ্যালয়ত গঢ়ি তুলিছে দুৰ্নীতিৰ পাহাৰ। ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজন, পাঠদান তথা সকলো ক্ষেত্ৰতে অৱহেলা কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি আছে বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকে । অভিভাৱক তথা ৰাইজৰ সৈতে অমাৰ্জিত ব্যৱহাৰ কৰাৰো অভিযোগ আছে তেওঁৰ নামত ।

অভিভাৱক তথা ৰাইজে কিবা ক’বলৈ গ’লে প্ৰধান শিক্ষকে ৰাইজক ওলোটাই ধমক দিয়ে বুলি জানিব পৰা গৈছে । ৰাইজৰ অভিযোগ মৰ্মে শুকুৰবাৰ অৰ্থাৎ ২৫ আগষ্টত বিভিন্ন সংবাদ মাধ্যমত প্ৰধান শিক্ষকজনৰ দুৰ্নীতি সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছিল । উক্ত বাতৰি চাই সোমাবাৰে বিভাগীয় কৰ্তৃপক্ষৰ এটা সঁজাতি দলে ১২৫৫ নং দক্ষিণ বৰভিঠা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে আৰু লগতে ৰাইজৰ সম্পূৰ্ণ অভিযোগ লিখিত আকাৰে সংগ্ৰহ কৰে ৷

উল্লেখ্য যে, চন্দ্ৰযান ৩ অৱতৰণৰ দিনাও এইজন প্ৰধান শিক্ষকে ১২:৩০ বজাতেই বিদ্যালয় ছুটী দি ঘৰমুৱা হয় আৰু এই কথা নিজ মুখে স্বীকাৰ কৰে প্ৰধান শিক্ষক আবু নিছাৰে । চৰকাৰী নীতি-নিয়ম উলংঘা কৰা বুলি বিভাগীয় লোকে জানিবলৈ দিয়ে । এতিয়া উৰ্ধতম কৰ্তৃপক্ষই প্ৰধান শিক্ষক আবু নিছাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয় । ৰাইজৰ লগতে অভিভাৱকে এইজন দুর্নীতিগ্ৰস্ত প্ৰধান শিক্ষকক বদলিকৰণৰ দাবী জনায় ।

লগতে পঢ়ক :Jania Road: জল জীৱনে দুৰ্গম কৰিলে জন জীৱন !

ABOUT THE AUTHOR

...view details