জনীয়া, 4 জুলাই :দুৰ্নীতিমুক্ত অসমৰ কথা কৈ থকা চৰকাৰৰ দিনতেই এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছে ৷ এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে কলগাছিয়াত ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, কলগাছিয়াৰ কাউৰজাহীত ৰিং বান্ধ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷
কলগাছিয়াৰ কাউৰজাহীত ৰিং বান্ধ নিৰ্মাণত বিয়াগোম দুৰ্নীতিৰ আশ্ৰয় লৈছে ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 61 নং লাচাংগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীনে ৷ বেকী নদীৰ বান-খহনীয়া প্ৰতিৰোধৰ নামত ধন আত্মসাৎ আৰু আঁচনিৰ যাৱতীয় বাজেট অপচয় কৰিছে পঞ্চায়তৰ সভানেত্ৰীগৰাকীয়ে । পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীনেৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷
উল্লেখ্য যে, ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 61 নং লাচাংগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীনে স্বামী ৰাছিদুল ইছলাম আৰু প্ৰাক্তন জিলা পৰিষদ সদস্য ৰেহেনা খাতুনৰ সহযোগত চৰকাৰী ধন আত্মসাৎ কৰিছিল ৷ কেৱল ধন আত্মসাৎ কৰাই নহয় নিজৰ খেয়ালখুচি মতে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । এক প্ৰকাৰে অঞ্চলবাসী ৰাইজ খৰ্গগ্ৰস্ত হৈ পৰিছে ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 61 নং লাচাংগা গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰবীনৰ বিৰুদ্ধে ৷