জনিয়া, 1 জুন: ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ চলি থকাৰ (Gunutsav 2022) মাজতে বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ত সংঘটিত হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ অভিযোগ অনুসৰি, বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ অন্তৰ্গত 583 নং দেউকুৰা ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে শিক্ষানুষ্ঠানখনৰ পানীৰ টেংকীটো অবৈধভাৱে বিক্ৰী কৰে ৷
এই ঘটনা জানিব পাৰি সোমবাৰে দেউকুৰা গাঁওৰ স্থানীয় ৰাইজে পানীৰ টেংকী বিক্ৰী কৰা সন্দৰ্ভত ৰূপসী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া প্ৰদীপ কুমাৰ দাসক এক লিখিত অভিযোগ দাখিল কৰে (Allegations against Dewkura girls L P school staff) । লগে লগে শিক্ষা বিষয়া প্ৰদীপ কুমাৰ দাসে বিদ্যালয়খনত উপস্থিত হৈ বিভাগীয় কোনো অনুমতি নোহোৱাকৈ প্ৰধান শিক্ষক যদুৰাম নাথে পানীৰ টেংকী বিক্ৰী কৰা বুলি জানিব পাৰে ৷