জনীয়া, ২০ ছেপ্টেম্বৰ:বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত(Scam in Mandiya Development Block) ৭৯ নং কাদং গাঁও পঞ্চায়তত হিতাধিকাৰীৰ মৃত্যুৰ পিছত ঘৰৰ নামত অহা সমূদায় ধন দুষ্ট চক্ৰই উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে । কাদং গাঁও পঞ্চায়তৰ (Scam in Kadong Gaon Panchayat) অন্তৰ্গত কাদং গাঁৱৰ জাহিদুল ইছলামৰ একাউণ্টত জমা হোৱা ধন কোনে উলিয়াই নিলে তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্য় যে, কাদং গাঁৱৰ জাহিদুল ইছলামৰ নাম প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (Pradhan Mantri Awas Yojana at Kadong Gaon) গৃহৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল । সেই হিচাপে হিতাধিকাৰীৰ একাউণ্টত প্ৰথম কিস্তিৰ টকাও সোমাইছিল । কিন্তু প্ৰথম কিস্তিৰ টকা সমোৱাৰ কেইদিনমান পিছতেই জাহিদুলৰ মৃত্যু হয় । অৱশ্য়ে হিতাধিকাৰীজনে মৃত্যুৰ এদিন পূৰ্বে তেওঁৰ একাউন্টৰ পৰা ১০ হেজাৰ টকা উঠাইছিল বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।