জনীয়া,৩০ জুলাই :বৰপেটা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা উপ-সংমণ্ডলৰ অধীনত চৰচৰিয়াত নিৰ্মীয়মান জলজীৱন আঁচনিৰ নিৰ্মাণকাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । উত্থাপিত অভিযোগ মতে, চৰচৰীয়া চৰত জলজীৱন আঁচনিখন অভিযন্তা অবিহনেই প্ৰাক্ কলন নোহোৱাকৈ চলিছে জলজীৱনৰ নিৰ্মাণকাৰ্য । এই অভিযোগ ৰাইজৰ নহয় । এই বিষয়ে উল্লেখ কৰিছে কামৰ দায়িত্বত থকা ঠিকাদাৰৰ কৰ্মচাৰীয়ে ।
ইফালে, কামৰ দায়িত্বত থকা জয়নাল খানে জানিবলৈ উল্লেখ কৰা মতে, বিগত ডেৰ মাহ ধৰি কামৰ দায়িত্বত থকা বিভাগীয় অভিযন্তা উক্ত নিৰ্মাণকাৰ্যৰ চোৱাচিতা কৰিবলৈ অহা নাই । কিন্তু অব্যাহত আছে নিৰ্মাণকাৰ্য । কামৰ দায়িত্বত থকা কৰ্মচাৰীসকলে নিজৰ খেয়াল খুচি মতে নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণকাৰ্য চলাই আছে বুলি অভিযোগ উত্থাপিত হৈছে ।
ইফালে, কামৰ দায়িত্বত থকা লোকজনে কেমেৰা দেখিয়েই পলাই ফুৰিবলগীয়া হৈছে । অসাধু ঠিকাদাৰে জলজীৱন আঁচনিৰ নলা বহুওৱাতো ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে । কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা জলজীৱন আচঁনিৰ নলাৰ সামান্য গাঁত খান্দি নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।