জনিয়া, 20 ছেপ্টেম্বৰ : এগৰাকী প্ৰধান শিক্ষকৰ বাবেই দীৰ্ঘ দিনৰ পৰা মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ পৰা এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈছে এইগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷
এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বালিকুৰি আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷ এই বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লাল মামুদৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ অভিযোগ অনুসৰি প্ৰধান শিক্ষক লাল মামুদৰ ভুলৰ বাবেই দীৰ্ঘ দিনৰ পৰা মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ পৰা বঞ্চিত হৈ আছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী ৷ এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ৷
তদুপৰি মধ্যাহ্ন ভোজনৰ চাউল প্ৰধান শিক্ষক গৰাকীয়ে বিক্ৰী কৰাৰো অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিয়ে ৷ ইফালে এই সন্দৰ্ভত পৰিচালনা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰাত প্ৰধান শিক্ষক লাল মামুদে পৰিচালনা সমিতিৰ লগত দুৰ্ব্যবহাৰ কৰাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিক বিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰা বুলিও অভিযোগ উত্থাপন হৈছে ৷