বৰপেটা, ২৩ মাৰ্চ :শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যৰ প্ৰশিক্ষণৰ সময়ত নিম্ন মানৰ খাদ্য যোগান ধৰাক লৈ বৰপেটাত শিক্ষকৰ প্ৰতিবাদ ৷ বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত বুধবাৰে জিলা ভিত্তিত অনুষ্ঠিত হৈছিল ক্লাষ্টাৰ লেভেলৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আৰু শিক্ষকৰ এক প্ৰশিক্ষণ শিবিৰ ৷ পিছে প্ৰশিক্ষণ শিবিৰত অতি নিম্নমানৰ খাদ্য প্ৰদান কৰা বুলি শিক্ষা বিষয়াৰ বিৰুদ্ধে অভিযোগ তুলি এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে একাংশ শিক্ষকে (Allegation of poor food supply in teachers training camps)৷
প্ৰশিক্ষণ শিবিৰত নিম্নমানৰ খাদ্য যোগান: বৰপেটাত শিক্ষকৰ প্ৰতিবাদ - training camp at Barpeta
শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যৰ প্ৰশিক্ষণৰ সময়ত নিম্নমানৰ খাদ্য যোগানৰ বাবে শিক্ষা বিষয়াৰ বিৰুদ্ধে বৰপেটাত শিক্ষকৰ প্ৰতিবাদ ৷ বিগত চাৰি বছৰ ধৰি নিৰঞ্জন ওজা নামৰ শিক্ষা বিষয়াজনে শিক্ষকসকলৰ নামত ধাৰ্য কৰা যাতায়াত খৰচৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৷
আনকি প্ৰশিক্ষণ শিবিৰত অংশ লোৱা শিক্ষকসকলে খাদ্যৰ পেকেটসমূহ ৰাজপথত উলিয়াই আনি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে বিভিন্ন প্ৰশিক্ষণ শিবিৰৰ নামত বিগত চাৰি বছৰ ধৰি নিৰঞ্জন ওজা নামৰ শিক্ষা বিষয়াজনে শিক্ষকসকৰ নামত ধাৰ্য কৰা যাতায়াতৰ খৰচৰ ধন শিক্ষকসকলক প্ৰদান নকৰি সেই চৰকাৰী ধন আত্মসাৎ কৰা বুলি অভিযোগ তুলে শিক্ষকসকলে ৷
ইফালে, প্ৰশিক্ষণ শিবিৰত নিম্নমানৰ খাদ্য প্ৰদান কৰা বুলি উত্থাপণ হোৱা অভিযোগ নাকচ কৰিছে শিক্ষা বিভাগৰ বিষয়াই ৷ প্ৰশিক্ষণৰ দায়িত্বত থকা নিৰঞ্জন ওজাই জনোৱা মতে, খাদ্যৰ বাবদ প্ৰতিজনৰ নামত ৪০ টকা আৱন্টন দিয়া হৈছে ৷ ৪০ টকাৰে পুৱাৰ জলপান, দুপৰীয়াৰ খাদ্য পানী আদিৰ যোগান দিব লাগে ৷ সেয়ে খাদ্যৰ পৰিমান সীমিত হোৱাতো স্বাভাৱিক ৷ কিন্তু খাদ্য নিম্নমানৰ হোৱা নাই বুলিও প্ৰকাশ কৰে শিক্ষা বিভাগৰ বিষয়া নিৰঞ্জন ওজাই ৷
লগতে পঢ়ক :World TB Day: অসমৰ 2 খন জিলাৰ বাবে ব্ৰঞ্জৰ পদক