কলগাছিয়া ৰাজহ চক্ৰত ৰাইজক হাৰাশাস্তিৰ অভিযোগ জনীয়া, 13 মে’:কলগাছিয়া ৰাজহ চক্ৰত মাটি-কিনা বেচাৰ নামত ৰাইজক হাৰাশাস্তিৰ অভিযোগ ৷ বিনাকাৰণত মাটি কিনা-বেচাৰ অনুমতি বাতিল কৰাৰ অভিযোগ বিক্ৰেতাৰ ৷ মাটি বিক্ৰী কৰিব নোৱাৰি মৃত্যুৰ সৈতে যুঁজিছে একাংশ দৰিদ্ৰ ৰোগীয়ে (Allegation of Irregularities in Kalgachia) ৷
বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰত মাটি কিনা-বেচাৰ নামত ৰাইজ চৰম হাৰাশাস্তিত ভুগিব লগাৰ অভিযোগ উত্থাপন হৈছে ৷ মাটি কিনা-বেচাৰ অনুমতি নোপোৱাৰ বাবে অৰ্থনৈতিকভাৱে বিপদত পৰিছে একাংশ দৰিদ্ৰ ৰাইজে ৷ বাৰে বাৰে মাটি কিনা-বেচাৰ অনুমতি বিচাৰি একাংশ ৰাইজে আবেদন জনাই আহিছে যদিও কোনো কাৰণ নোহোৱাকৈয়ে আবেদন বাতিল কৰাত মাটি বিক্ৰী কৰিব পৰা নাই ৰাইজে ৷ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে ভুক্তভোগী ৰাইজে (Kalgachia Revenue Circle) ৷
উল্লেখযোগ্য যে, একাংশ ৰোগীয়ে উন্নত চিকিৎসা আৰু সন্তানৰ বিয়া ইত্যাদি সন্দৰ্ভত মাটি বিক্ৰী কৰিবলৈ ৰাজহ চক্ৰত অনুমতি বিচাৰি আবেদন জনাইছিল যদিও একাধিকবাৰ বিনাকাৰণত অনুমতি বাতিল হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷ প্ৰতিবাৰে অনুমতিৰ আবেদন বাতিল হৈ আছে যদিও বাতিল হোৱাৰ কাৰণো জানিব পৰা নাই দৰিদ্ৰ ৰাইজে ৷ কি কাৰণত অনুমতি বাতিল হৈ আছে সেই বিষয়ে জানিব পাৰিলে পৰৱৰ্তী আবেদনত শুধৰণি কৰিব পাৰিব বুলি ভুক্তভোগী ৰাইজে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে (Allegation of Harrashment to land seller) ৷
মাটি-কিনা বেচাৰ আবেদন কৰাৰ পিচত শুনানিৰ বাবে চক্ৰ বিষয়াই তাৰিখ নিৰ্ধাৰণ কৰি দিয়ে যদিও একাংশৰ তাৰিখ অহাৰ পূৰ্বেই আবেদন বাতিল কৰা বুলি অভিযোগ কৰিছে একাংশই ৷ এজন চক্ৰ বিষয়াই আবেদনকাৰীয়ে দাখিল কৰা নথি পত্ৰও তথ্যৰ ভিত্তিত দিন-বাৰ, তাৰিখ নিৰ্ধাৰণ কৰি শুনানিৰ বাবে আবেদনকাৰীলৈ চক্ৰ বিষয়াৰ হস্তাক্ষৰ সম্বলিত জাননী প্ৰেৰণ কৰে ৷ সেই জাননী মৰ্মে আবেদনকাৰীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় যদিও নিৰ্ধাৰিত সময়ৰ আগতেই সেই অনুমতিৰ আবেদন বাতিল হোৱা বুলি জানিবলৈ দিয়ে অধিকাংশ ভুক্তভোগীয়ে ৷ কি কাৰণত বাৰে বাৰে অনুমতিৰ আবেদন বাতিল হয় এই বিষয়টো তদন্ত কৰি শীঘ্ৰে মাটি কিনা-বেচাৰ অনুমতি প্ৰদান কৰিবলৈ এতিয়া দাবী জনাইছে ৰাইজে ৷
লগতে পঢ়ক:Scam in PMAY scheme: লাহৰীঘাটত আৰক্ষীৰ জালত কনিষ্ঠ অভিযন্তাসহ ৬ জন