অসম

assam

ETV Bharat / state

আজৱ চৰকাৰী বিদ্যালয়; 7 গৰাকী ছাত্ৰ-ছাত্ৰীক পঢ়াই 8 জন শিক্ষকে - আজৱ চৰকাৰী বিদ্যালয়

এখন বিদ্যালয়, বিদ্যালয়খনত ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে ৮ গৰাকীকৈ শিক্ষক । কিন্তু সপ্তম শ্ৰেণীত নাই এজনো ছাত্ৰ-ছাত্ৰী, নাই শ্ৰেণীকোঠা । ৰান্ধনী ঘৰ ব্যৱহাৰ কৰা হয় শিক্ষকৰ কোঠা হিচাপে । পিছে ক’ত আছে এই আজৱ বিদ্যালয়খন (Pathetic condition of Govt school) ।

corruption in scholarship
corruption in scholarship

By

Published : Apr 28, 2022, 4:42 PM IST

জনীয়া, 28 এপ্ৰিল : বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ড এলেকাত এনে বহু বিদ্যালয় আছে, যি বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা খুবেই নগণ্য (Scarcity of teacher in school) । কিন্তু তাৰ মাজতে এনে কিছু বিদ্যালয়ো আছে যিসমূহ বিদ্যালয়ত এজন শিক্ষকৰ বিপৰীতে এজন ছাত্ৰও নাই । এনে এখন বিদ্যালয় হৈছে লাছাংগা প্ৰি-ছিনিয়ৰ মাদ্ৰাছা । বিদ্যালয়খনত ৮ গৰাকী শিক্ষকৰ উপৰিও আছে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । কিন্তু বিদ্যালয়খনৰ ষষ্ঠ আৰু অষ্টম শ্ৰেণীত মাত্ৰ ৭ গৰাকী ছাত্ৰ-ছাত্ৰী থকাৰ বিপৰীতে সপ্তম শ্ৰেণীত নাই এজনো ছাত্ৰ-ছাত্ৰী ।

7 গৰাকী ছাত্ৰ-ছাত্ৰীক পঢ়াই 8 জন শিক্ষকে

বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক থকাৰ পিছতো নহয় পাঠদান । যাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়েও নিজ কন্যাক এই বিদ্যালয়ৰ পৰা নি আন এখন বিদ্যালয়ত নাম ভৰ্তি কৰিব লগীয়া হৈছে । খোদ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জামাল উদ্দীনে স্বীকাৰ কৰিছে এই কথা । তেওঁৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষকৰ লগতে আন শিক্ষক সকলো সময়মতে উপস্থিত নহয় বিদ্যালয়খনত । যাৰ বাবে কোনো অভিভাৱকে নিজৰ সন্তানৰ নাম ভৰ্তি নকৰে এইখন বিদ্যালয়ত ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুছ ছামাদ আৰু পৰিচালনা সমিতিৰ সভাপতিৰ অৱহেলা আৰু বিভিন্ন খেলি-মেলি, মধ্যাহ্ন ভোজন, ইউনিফৰ্ম, ছাত্ৰ জলপানি আদিৰ ক্ষেত্ৰত বিভিন্ন দুৰ্নীতিৰ বাবেই (Corruption in scholarship ) বিদ্যালখনত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি নকৰে বুলি জানিবলৈ দিয়ে একাংশ অভিভাৱকে ৷ তাৰোপৰি বিদ্যালয়খনত ভাৰতীয়া ছাত্ৰ-ছাত্ৰী থকাৰো অভিযোগ কৰে একাংশ শিক্ষকে ।

পিছে প্ৰধান শিক্ষক আব্দুছ ছামাদে বিদ্যালয়খনৰ আন শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতি জামাল উদ্দিনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । প্ৰধান শিক্ষকে হেনো ছাত্ৰ-ছাত্ৰী মাতি আনে, কিন্তু আন শিক্ষকে ছাত্ৰ-ছাত্ৰী খেদি দিয়ে । আনহাতে, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে হেনো নিদিয়ে কোনো গুৰুত্ব । শিক্ষতাৰ নামত চৰকাৰী দৰমহা ভোগ কৰি এজনে আন এজনৰ ওপৰত দোষ জাপি দিয়া প্ৰধান শিক্ষকৰ লগতে আন শিক্ষকৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যেই লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক :পথ নে নৈ নাচালে ধৰিব নোৱাৰি, কৰিমগঞ্জত ব্যাহত যাতায়াত

ABOUT THE AUTHOR

...view details