অসম

assam

ETV Bharat / state

Jal Jeevan Abhiyan: কলগাছিয়াত উদ্বোধন কৰাৰ পূৰ্বে ভাগিল পানী যোগান কেন্দ্ৰৰ দেৱাল - কলগাছিয়া

উদ্বোধন কৰা নাই, কিন্তু ভাগি গৈছে পানী যোগান কেন্দ্ৰৰ দেৱাল ৷ কলগাছিয়াৰ বালিকুৰিৰ এন চি গাঁৱত জল জীৱন মিছন আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ ৷

jal jeevan abhiyan
উদ্বোধন কৰাৰ পূৰ্বে ভাগিল পানী যোগান কেন্দ্ৰৰ দেৱাল

By

Published : Jul 9, 2023, 9:23 PM IST

উদ্বোধন কৰাৰ পূৰ্বে ভাগিল পানী যোগান কেন্দ্ৰৰ দেৱাল

কলগাছিয়া, 9 জুলাই; উদ্বোধন কৰা নাই, কিন্তু ভাগি গৈছে পানী যোগান কেন্দ্ৰৰ দেৱাল ৷ ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ৰূপায়ন কৰিছে জল জীৱন মিছন । কিন্তু কলগাছিয়াৰ বালিকুৰিৰ এন চি গাঁৱত জল জীৱন মিছন আঁচনিৰ নামত সংগঠিত হৈছে বিয়াগোম দুৰ্নীতি আৰু অনিয়ম ।

জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা জলজীৱন আঁচনিয়ে পকেট গৰম কৰিছে ঠিকাদাৰ আৰু অভিযন্তাৰ ৷ এই অভিযোগ ৰাইজৰ ৷

কলগাছিয়াৰ বালিকুৰিৰ এন চি গাঁৱত জল জীৱন মিছন আঁচনিৰ অধিনত নিৰ্মীয়মান পানী যোগান কেন্দ্ৰৰ দেৱাল ভাঙি পৰিল ৷ অতি নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ বাবে উদ্বোধন কৰাৰ পূৰ্বে পানী যোগান আচঁনিৰ কেন্দ্ৰৰ দেৱাল খহিল ৷ ঠিকাদাৰে যোগান ধৰা নিম্নমানৰ ইটাৰে কাম কৰিছে ফলত নিৰ্মাণৰ এমাহ পিচতেই দেৱালখন ভাঙি যোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

আনহাতে চৰকাৰী বিভাগে ঠিকাদাৰক এৰি দিছে নেকি লাখ লাখ টকা লুণ্ঠন কৰাৰ উদ্দেশ্যৰে ! চৰকাৰে আচঁনি ৰূপায়ণৰ বাবে যিমানেই ক্ষিপ্ৰ গতিত কাম কৰিছে সিমানেই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইপিনে অসাধু ঠিকাদাৰে চৰকাৰী ধন অপচয় কৰা কাৰ্যক তদন্তৰ দাবী ৰাইজৰ ৷

ইফালে দেৱাল পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে দল সংগঠনে । ‘‘পানীত অপচয় কৰিছে চৰকাৰী ধন ৷ পানী খাবলৈ পোৱাই নাই কিন্তু ঠিকাদাৰৰ বাবে এই অৱস্থা পানী যোগান কেন্দ্ৰৰ ৷ ’’ ৰাইজৰ ক্ষোভ ৷ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচত বিভাগীয় কর্তৃপক্ষই ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:Irregularities and Corruption in Govt scheme:অৰুণোদয় আঁচনিত ব্যাপক অনিয়ম, বঞ্চিত হিতাধিকাৰী

ABOUT THE AUTHOR

...view details