জনিয়া, 21 জুলাই: বছৰটোৰ দ্বিতীয়টো বানে বাৰুকৈ ক্ষতিগ্ৰস্থ কৰিছে ৰাজ্যবাসীক ৷ বহুলোকৰ ঘৰ-বাৰী, শস্য-পথাৰ ক্ষতি হোৱাৰ লগতে মৃত্যু হৈছে বহুলোকৰ (Flood in Assam 2022)৷ উল্লেখনীয় যে বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে নৈপৰীয়া ৰাইজ ৷ বৰ্তমান ৰাজ্যত বান শুকাইছে যদিও গৰাখহনীয়াত ঘৰ-বাৰী উটি যোৱা বহু নৈপৰীয়া ৰাইজ চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে ৷
শেহতীয়াকৈ, বৰপেটা জিলাৰ জনিয়া সমষ্টি তথা বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোবিন্দপুৰ বানত ক্ষতি হোৱা লোকক ক্ষতিপূৰণ দিয়াত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ বান ক্ষতিগ্ৰস্ত লোকক বঞ্চিত কৰি বানত ক্ষতি নোহোৱা লোকক ক্ষতিপূৰণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে গোবিন্দপুৰৰ লাটমণ্ডল আব্দুছ ছামাদ আৰু গাঁওবুঢ়া জাহাংগীৰ আলমৰ বিৰুদ্ধে ।
গাঁওবাসীৰ অভিযোগ মতে, বানত গোবিন্দপুৰৰ ছাইদুল ইছলাম, মোগৰম আলী, আব্বেছ আলী আৰু ছানোৱাৰ হুছেইনৰ ঘৰবাৰী ভেলেঙী নৈৰ গৰাখহনীয়াত জাহ যোৱাৰ লগতে শ্বহিদা খাতুন আৰু আকবৰ আলীৰ ঘৰ বানৰ কৱলত পৰি আংশিকভাৱে ক্ষতি হয় । সেই হিচাপে লাটমণ্ডল আব্দুছ ছামাদ আৰু গাঁওবুঢ়া জাহাংগীৰ আলমে ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণো কৰিছিল । পিছে কাৰ্যতহে পৰিণত ন’হল এই ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ ৷