জনীয়া, 6 ডিচেম্বৰ:জনীয়াৰ ছাপৰা গাঁৱত কাঠৰ দলং নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । অন কেমেৰা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা । দলঙৰ দুয়ো পাৰে এপ্ৰ’চ নিৰ্মাণ নকৰাকৈ সমুদায় ধন উঠাই লৈ যোৱাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৷ এই দলংখনৰ নিৰ্মাণত AIUDF দলো দুৰ্নীতিৰ অংশীদাৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে (Corruption in bridge construction in Jania) । ইফালে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক ইমৰান খানে বদৰুদ্দিন আজমলক বেপাৰী আৰু প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলক চোৰ বুলি আখ্যা দিয়ে ।
উল্লেখযোগ্য যে, সাংসদ পুঁজিৰ ২০১৮-১৯ বৰ্ষৰ অধীনত ছাপৰা গাঁৱত ১১ লাখ ৫০ হেজাৰ টকা ব্যয় সাপেক্ষে এখন কাঠৰ দলং নিৰ্মাণ কৰা হৈছিল । তদানীন্তন সাংসদ মহম্মদ চিৰাজুদ্দিন আজমলে কাঠৰ দলংখন নিৰ্মাণ কৰিবলৈ সাংসদ গৰাকীৰ অতি প্ৰিয়ভাজন ৰবিউল আৱাল নামৰ ঠিকাদাৰৰূপী এজন AIUDF কৰ্মীক ধন আৱন্টন দিয়া হৈছিল বুলি ৰাইজে জনাইছে ।
১১-৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কাঠৰ দলংখনৰ দুয়ো মূৰত এপ্ৰ’চ বঢ়াব লাগিছিল যদিও দলংখন ঠিকাদাৰে চাউলখোৱা নদীৰ মাজত পেলাই থৈ যোৱা দেখা গৈছে । অন্ততঃ ৰাইজে ঠিকাদাৰ ৰবিউল আৱালক দলংখনৰ দুয়ো মূৰত মাটি ভৰাই দিবলৈ অনুৰোধ জনাইছিল যদিও ঠিকাদাৰজনৰ পৰা ৰাইজে কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলিও জানিব পৰা গৈছে । ফলত দলঙৰ দুয়ো পাৰে ৰাইজে নিজাববীয়াকৈ বাঁহৰ এপ্ৰ’চ বনাই যাতায়ত অব্যাহত ৰাখিছে (Poor condition of bridge in Jania) ।