জনীয়া, 8 অক্টোবৰ :বৰপেটা জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা মাজপাৰা গাঁৱৰ ৰাজিদা বেগম নামৰ এগৰাকী মহিলাক স্বামী পৰিয়ালে গুৰুতৰভাৱে মাৰপিট কৰি ৰাজিদা বেগমক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে । কোকিলা আৰক্ষী নিৰীক্ষণ চকীত ভুক্তভোগী ৰাজিদা বেগমে এজাহাৰ দাখিল কৰিছে। ধনৰ লেনদেনত অভিযুক্ত পক্ষৰ লগত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী বিষয়া হৰ গোবিন্দ হালৈৰ মিতিৰালি কৰাৰ অভিযোগ উত্থাপন হৈছে।
অভিযুক্তৰ সৈতে ধনৰ লেনদেনত কোকিলা আৰক্ষীৰ মিতিৰালিৰ অভিযোগ - অভিযুক্ত পক্ষ
ঘটনা সন্দৰ্ভত ৰাজিদা বেগমে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰে যদিও ধনৰ লেনদেনত উক্ত অভিযুক্ত কেইজনক আৰক্ষীয়ে কৰায়ত্ব নকৰি অভিযুক্তৰ লগত মিতিৰালি কৰাৰ অভিযোগ কৰিছে ভুক্তভোগীয়ে ।
ৰাজিদা বেগমে এজাহাৰত উল্লেখ কৰা মতে, পোন্ধৰ বছৰ পূৰ্বে মাজপাৰা গাঁৱৰ আব্দুল আলিমৰ লগত সামাজিক ভাৱে বিবাহ হয় মহিলাগৰাকী । বিবাহৰ পাছৰ পৰা ৰাজিদাৰ স্বামী পৰিয়ালে ৰাজিদাক শাৰীৰিক-মানসিক অত্যাচাৰ কৰিব ধৰে । যোৱা ১০ ছেপ্টেম্বৰত ৰাজিদাৰ স্বামী পৰিয়ালৰ ফখৰুদ্দিন, আমিৰ হুছেইন, আব্দুল হালিম, কাশেম আলী আৰু ফুলেৰা খাতুনে ৰড, দা, লাঠিৰে মাৰপিট কৰাৰ ওপৰিও গুৰুত্বৰ ভাৱে শৰীৰৰ বিভিন্ন অংগত আঘাত কৰি ৰচিৰে বান্ধি থয়। ঘটনা সন্দৰ্ভত ৰাজিদা বেগমে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰে যদিও ধনৰ লেনদেনত উক্ত অভিযুক্ত কেইজনক আৰক্ষীয়ে কৰায়ত্ব নকৰি অভিযুক্তৰ লগত মিতিৰালি কৰাৰ অভিযোগ কৰিছে ভুক্তভোগীয়ে ।
লগতে পঢ়ক: 45 বছৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নহয় চুৰাটৰ ৰামলীলা আৰু ৰাৱণ দহন