অসম

assam

ETV Bharat / state

অৱশেষত স্বস্তিৰ নিশ্বাসঃ আব্দুল খালেকৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা - ABDUL KHALEK

বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ মনোনয়ন পত্ৰ নাকচৰ দাবী ৷ শপতনামাত ভুল তথ্য লিপিবদ্ধ কৰা বুলি অভিযোগ নিৰ্দলীয় প্ৰাৰ্থীৰ

abdul khalek

By

Published : Apr 5, 2019, 4:20 PM IST

বৰপেটা, 5 এপ্ৰিলঃ বৰপেটা জিলা ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত শুকুৰবাৰে চলিল লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ ৷ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে মনোনয়ন পত্ৰৰ সৈতে সংলগ্ন কৰা শপতনামাত ভুল তথ্য লিপিবদ্ধ কৰা বুলি অভিযোগ উত্থাপন কৰে ছফিউৰ ৰহমান নামৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ৷

অৱশেষত আব্দুল খালেকৰ স্বস্তিৰ নিশ্বাস


শপতনামাত ভুল তথ্য লিপিবদ্ধ কৰাৰ বাবে প্ৰাৰ্থীগৰাকীৰ মনোনয়ন নাকচ কৰিবলৈ দাবী জনাই নিৰ্দলীয় প্ৰাৰ্থী ছফিউৰ ৰহমানৰ অধিবক্তাই ৷ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক আৰু নিৰ্দলীয় প্ৰাৰ্থী ছফিউৰ ৰহমানৰ অধিবক্তাৰ যুক্তি শুনাৰ পাচত জিলা নিৰ্বাচনী বিষয়াই সকলো দিশ চালিজাৰি চাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বৈধ বুলি ঘোষণা কৰে ৷ দীৰ্ঘ সময়ৰ অন্তত আব্দুল খালেকে পেলালে স্বস্তিৰ নিশ্বাস ৷ মনোনয়ন বৈধ ঘোষিত হোৱাৰ পিচতেই অধিবক্তাক লগত লৈ মনোনয়ন পত্ৰ পৰীক্ষণ কক্ষৰ পৰা ওলাই আহিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৷ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ অধিবক্তাই এয়া ৰাজনৈতিক ষড়যন্ত্ৰ বুলি দাবী জনাই ৷ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাইয়ো কয় যে জয়ৰ সম্ভাৱনা দেখিয়েই খালেকৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কৰা হৈছে ৷

আনহাতে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ বিৰুদ্ধে অভিযোগ অনা নিৰ্দলীয় প্ৰাৰ্থী ছফিউৰ ৰহমানৰ অধিবক্তাই কয় যে আব্দুল খালেকে শপতনামাত ভুল তথ্য লিপিবদ্ধ কৰিছে ৷ মনোনয়ন পত্ৰৰ লগত সংলগ্ন কৰা শপতনামাত ভুল তথ্য লিপিবদ্ধ কৰাতো অপৰাধ ৷ আব্দুল খালেকৰ বিৰুদ্ধে পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও অধিবক্তাগৰাকীয়ে প্ৰকাশ কৰে ৷ খালেক জয়ী হ'লেও উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি নিৰ্বাচনৰ ফলাফল অবৈধ ঘোষিত হ'ব বুলিও তেওঁ প্ৰকাশ কৰে ৷ অৱশ্যে আব্দুল খালেকে এই বিষয়ে মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷

ABOUT THE AUTHOR

...view details