বৰপেটা, ১৪ মে’:নিৰ্বাচনৰ কামত জড়িত BLO সকলৰ পৰা আপুনি সাৱধান হ’ব ৷ যদিহে আপুনি ভোটাৰ তেন্তে BLO সকলে বেয়া পোৱা কোনো কামেই আপুনি নকৰিব ৷ অন্যথা জীৱিত থাকিও আপুনি চৰকাৰীভাৱে হ’ব পাৰে মৃত ৷ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব পাৰে আপোনাৰ নাম ৷ ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তি, শুধৰণি অথবা ভোটাৰ তালিকাৰ নাম এঠাইৰ পৰা আন ঠাইলৈ সলনি কৰাৰ ক্ষেত্ৰত মূলতঃ সমষ্টি ভিত্তিত BLO সকলেই সেৱা আগবঢ়ায় ৷
প্ৰধানতঃ শিক্ষকসকলৰ ওপৰতে ওপৰঞ্চিভাৱে BLO ৰ দায়িত্ব ন্যস্ত কৰে প্ৰশাসনে ৷ পিছে আশ্বৰ্যজনকভাৱে এইবাৰ BLO ৰ বিৰুদ্ধে ধন দাবীকে ধৰি শত্ৰতামূলকভাৱে ভোটাৰ তালিকাৰ পৰাই নাম কৰ্তনৰ অভিযোগ উত্থাপিত হৈছে (Deletion of voters name from voter list in Barpeta)৷ BLO সকলৰ বিৰুদ্ধে খোদ বৰপেটাৰ নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই(Barpeta election officer) আনিছে গুৰুতৰ অভিযোগ ৷ বহু BLOই ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তিৰ বাবে ধনদাবীৰ লগতে আশ্ৰয় লৈছে চৰম অপৰাধৰ ৷ নিৰ্বাচনী বিষয়াই জনোৱামতে ব্যক্তিগত শত্ৰুতাৰ বাবেই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে একাংশ ভোটাৰৰ ৷