জনীয়া, 12 নৱেম্বৰ:বৰপেটা জিলাৰ আলিপুৰ উপ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত এএনএম ৰ বিৰুদ্ধে কৰ্মত অৱহেলাৰ অভিযোগ ৷ ৰাইজৰ অভিযোগ জিলাখনৰ মন্দিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ আলিপুৰ উপ-স্বাস্থ্য কেন্দ্ৰটোৰ পৰা তেওঁলোক চিকিৎসা সেৱাৰ ক্ষেত্ৰত কোনো সা-সুবিধা লাভ কৰা নাই ৷
ক্ষুব্ধ ৰাইজে কয় যে ৰাজ্যৰ বহু প্ৰতাপী স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ একাংশ নাৰ্চ, ডাক্টৰ তথা কৰ্মচাৰীয়ে যে মন্ত্ৰী গৰাকীক কেৰেপ নকৰে আলিপুৰ উপ-স্বাস্থ্য কেন্দ্ৰই তাৰে প্ৰমাণ দাঙি ধৰিছে ৷ ৰাইজৰ অভিযোগ উপ স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত এএনএম স্বহৰ ভানু আৰু সাজেদা খাতুনে কৰ্মত কৰা অৱহেলাৰ বাবে তেওঁলোকে স্বাস্থ্য কেন্দ্ৰটোৰ পৰা কোনো সুবিধা লাভ কৰিব পৰা নাই ৷