জনীয়া, 25 ডিচেম্বৰ : তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত বৃহস্পতিবাৰে নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত কলগাছিয়াৰ বামুনটাৰীত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ দিল্লীৰ কৃষক বিদ্ৰোহৰ সমৰ্থনত আয়োজন কৰা হয় এই প্ৰতিবাদী সভা ৷ সভাত অংশ গ্ৰহণ কৰে অসম ৰাজ্যিক কৃষক সভাৰ সম্পাদক টিকেন দাসে ।
উল্লেখ্য যে নতুন কৃষি আইনৰ বাতিল কৰাৰ দাবীত যোৱা ২৮ দিন ধৰি দেশত আন্দোলন অব্যাহত আছে । ইতিমধ্যে দিল্লীৰ কৃষক বিদ্ৰোহত অংশ গ্ৰহণ কৰা ৩৩ জন কৃষক শ্বহীদ হৈছে ।