জনীয়া, 18 ছেপ্টেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াৰ বামুনটাৰীত নিখিল ভাৰত কৃষক সভাৰ(All India Kisan Sabha) কলগাছিয়া আঞ্চলিক সমিতিৰ একাদশ সন্মিলন আজি সম্পন্ন হয় । আগন্তুক দিনৰ সাংগঠনিক কাম-কাজৰ বাবে জুলহাস তালুকদাৰক সভাপতি আৰু আব্দুল কৰিমক সম্পাদক হিচাবে লৈ এখন আঞ্চলিক কমিটি গঠন কৰা হয় ।
সন্মিলন উপলক্ষে আয়োজন কৰা মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ (MLA Manoranjan Talukdar)। ভাষণ প্ৰসংগত তেওঁ কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্যৰ দাবী জনোৱাৰ লগতে আকাশ লংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠে ।
ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মাফিয়াৰাজ চলিছে: বিধায়ক মনোৰঞ্জন তালুকদাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ জন বিৰোধী কামকাজৰ কঠিন সমালোচনা কৰে । ৰাজ্য চৰকাৰৰ সাম্প্ৰদায়িক নীতি আৰু যিকোনো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে তেওঁ জনগণক ধৰ্ম নিৰপক্ষ দলক শক্তিশালী কৰিবলৈ আহবান জনায় ।
লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংবাদকৰ্মীক আক্ৰমণৰ(Media person attack in Assam) সন্দৰ্ভত কৰা প্ৰশ্নোত্তৰত তেওঁ কয় যে, যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সাংবাদিকসকল আক্ৰমণৰ বলি হৈ থাকিব । এই চৰকাৰে মাফিয়াৰাজ চলাই আছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক:দিল্লীত আম আদমী পাৰ্টীৰ প্ৰথম জনপ্ৰতিনিধি সন্মিলন