অসম

assam

ETV Bharat / state

আগন্তুক 15 দিনৰ বাবে বন্ধ থাকিব বৰপেটা জিলাৰ সকলো শিক্ষানুষ্ঠান - কৰ’ণাৰ দ্ৰুত সংক্ৰমণ

কৰ’ণা আক্ৰান্তৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাইছে বৰপেটা জিলাত ৷ প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈ সকলোবোৰ শিক্ষানুষ্ঠান ১৫ দিনৰ বাবে বন্ধ ঘোষণা বৰপেটা জিলা প্ৰশাসনৰ ৷ অনলাইনৰ জৰিয়তে পাঠ্যক্ৰম চলাই থাকিবলৈ নিৰ্দেশ জিলা উপায়ুক্তৰ ৷

all educational institution will be closed for next 15 days in barpeta due to covid etv bharat news
আগন্তুক 15 দিনৰ বন্ধ থাকিব বৰপেটা জিলাৰ সকলো শিক্ষানুষ্ঠান

By

Published : Apr 27, 2021, 9:59 PM IST

বৰপেটা, ২৭এপ্ৰিল: বৰপেটা জিলাৰ সকলো শিক্ষানুষ্ঠান আগন্তক ১৫ দিনৰ বাবে বন্ধ ঘোষণা জিলা প্ৰশাসনৰ । ক’ভিড আক্ৰান্তৰ সংখ্যা তিনি শতাধিক অতিক্ৰম কৰাৰ পৰিপেক্ষিতত চৰকাৰী নিৰ্দেশনাৰ আধাৰত জিলাখনত প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈ সকলোবোৰ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে বৰপেটাৰ জিলা উপায়ুক্তই ৷ অৱশ্যে জিলা প্ৰশাসনে ১৫ দিনৰ বাবে শিক্ষানুষ্ঠানৰ বন্ধ ঘোষণা কৰিছে যদিও ছাত্ৰ ছাত্ৰীৰ ক্ষতি নোহোৱাৰ বাবে অনলাইনৰ জৰিয়তে পাঠ্যক্ৰম চলাই থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

সম্প্ৰতি বৰপেটাত অব্যাহত আছে কৰ’ণাৰ দ্ৰুত সংক্ৰমণ ৷ মঙলবাৰে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ 3127 জন লোকক ক’ভিড পৰীক্ষা কৰাৰ অন্তত 90 জনৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ অৱস্থিতি ৷ আনহাতে জিলাখনৰ 15 জন কৰ’ণা আক্ৰান্তক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ এই পৰ্য্যন্ত জিলাখনৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 706 জন ৷

লগতে পঢ়ক :ভাৰতৰ ভূমিত উপস্থিত বৃটেইনৰ সাহায্য কঢ়িওৱা বিমান

ABOUT THE AUTHOR

...view details