অসম

assam

ETV Bharat / state

আজমলক হিটলাৰ আখ্যা দি এআইইউডিএফ ত্যাগ কৰিলে আলী হুছেইনে - আজমলক হিটলা

সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ড৹ আলী হুছেইনে ত্যাগ কৰিলে এআইইউডিএফ ৷ এআইইউডিএফ ত্যাগৰ সন্দৰ্ভত সাংবাদিক সম্বোধন কৰি ড৹ আলী হুছেইনে কয়, গণতন্ত্ৰবিহীন এআইইউডিএফ দল ৷ এআইইউডিএফ দলত আজমলৰ কথাই আইন ৷ দলৰ সংবিধানৰ নামানে আজমলে ৷

Ali Hussain quit AIUDF
আজমলক হিটলাৰ আখ্যা দি এআইইউডিএফ ত্যাগ কৰিলে আলী হুছেইনে

By

Published : Feb 17, 2021, 6:00 PM IST

বৰপেটা ১৭ ফেব্ৰুৱাৰী: এআইইউডিএফ ত্যাগ কৰিলে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ড৹ আলী হুছেইনে ৷ এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলক হিটলাৰ আখ্যা দি দল ত্যাগ কৰিলে ড৹ আলী হুছেইনে ৷

এআইইউডিএফ ত্যাগৰ সন্দৰ্ভত সাংবাদিক সম্বোধন কৰি ড৹ আলী হুছেইনে কয়, গণতন্ত্ৰবিহীন এআইইউডিএফ দল ৷ এআইইউডিএফ দলত আজমলৰ কথাই আইন ৷ দলৰ সংবিধানৰ নামানে আজমলে ৷ যাৰবাবে দলত্যাগ কৰিবলৈ বাধ্য হ'ল বুলি মত প্ৰকাশ কৰে ড৹ আলী হুছেইনে ৷

আজমলক হিটলাৰ আখ্যা দি এআইইউডিএফ ত্যাগ কৰিলে আলী হুছেইনে

সৰুক্ষেত্ৰীত এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা মীনাক্ষী ৰহমানক লৈয়ো সাংবাদিকৰ আগত অসন্তুষ্টি প্ৰকাশ কৰে আলী হুছেইনে ৷ টিকট দিয়াৰ নামত দলটোত ব্যৱসায় চলিছে ৷ তেওঁ কয়, আজমলে দলত নিকা, ভাল মানুহ নিবিচাৰে ৷ ৰাজ্য চৰকাৰৰ এগৰাকী অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত চইবৰ ৰহমানৰ পত্নী মীনাক্ষী ৰহমানক সৰুক্ষেত্ৰীত টিকট দিয়াৰ আঁৰত ধনৰ লেন-দেন হোৱাৰ সন্দেহ প্ৰকাশ কৰে আলী হুছেইনে ৷

ইফালে এক সুত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চিপিআইএম দলত যোগদানৰ বাবে উদ্ধৱ বৰ্মন আৰু হেমেন দাসৰ সৈতে যোগাযোগ স্থাপন কৰিছে আলী হুছেইনে ৷ আগন্তুক নিৰ্বাচনত সৰুক্ষেত্ৰী সমষ্টিত চিপিআইএমৰ পৰা আলী হুছেইনে প্ৰাৰ্থীত্ব বিছৰাও সম্ভাৱনা আছে বুলি সুত্ৰটোৱে তথ্য প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, ২০১১ চনত এআইইউডিএফৰ বিধায়ক হিচাপে সৰুক্ষেত্ৰী সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল ড৹ আলী হুছেইন ৷ ইয়াৰ সমান্তৰালভাৱে 2016 চনত সৰুক্ষেত্ৰী সমষ্টিত এআইইউডিএফৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ বিৰুদ্ধে প্ৰায় 50 হাজাৰ ভোটত পৰাজয় বৰণ কৰিছিল ৷ জাকিৰ হুছেইন শিকদাৰে 2016 ৰ নিৰ্বাচনত 70,062 ভোট লাভ কৰা বিপৰীতে ড৹ আলী হুছেইনে মুঠ ভোট লাভ কৰিছিল মুঠ 21,460 টা ভোট ৷

লগতে পঢ়ক: সময়সীমা সমাপ্ত: কি হ'ব অপহৃতৰ ?

ABOUT THE AUTHOR

...view details