অসম

assam

By

Published : Apr 5, 2023, 5:36 PM IST

ETV Bharat / state

Barpeta Awards 2023 : অক্ষয় কুমাৰ মিশ্ৰলৈ 2023 বৰ্ষৰ ’বৰপেটা বঁটা’

বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰলৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ ’বৰপেটা বঁটা’ । বুধবাৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে । পহিলা বহাগত বৰপেটাত অক্ষয় কুমাৰ মিশ্ৰক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব এই বঁটা (Barpeta AASU press meet) ।

Barpeta Awards 2023 to Akshay Kumar Mishra
2023 বৰ্ষৰ ’বৰপেটা বঁটা’ প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ

বৰপেটা, 5 এপ্ৰিল : সত্ৰনগৰী বৰপেটাৰ সমাজ-সাহিত্য-সংস্কৃতিৰ পুৰোধা ব্যক্তি তথা বিশিষ্ট সাহিত্যিক, শিক্ষাৰত্ন বঁটাপ্ৰাপক, 'কলাগুৰু' অক্ষয় কুমাৰ মিশ্ৰ নিৰ্বাচিত হৈছে 2023 বৰ্ষৰ 'বৰপেটা বঁটা' ৰ বাবে ৷ বিশিষ্ঠ সাহিত্যিকগৰাকীক বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ২০২৩ বৰ্ষৰ সন্মানীয় 'বৰপেটা বঁটা' প্ৰদান কৰিব বুলি বুধবাৰে বৰপেটা প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰি কৰে আছু নেতা কৃষ্ণকান্ত দাসে (Barpeta AASU press meet) ৷

সাহিত্য, সমাজসেৱা, শিক্ষকতা, সাংবাদিকতা আদি বিবিধ ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়ায় অহা বিশিষ্ঠ সাহিত্যিকগৰাকীক অহা পহিলা ব'হাগ অৰ্থাৎ 14 এপ্ৰিলৰ দিনা বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এই বঁটা প্ৰদান কৰিব ৷ উল্লেখ্য যে, বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে পহিলা ব'হাগৰ দিনটোত জাতিটোলৈ বিশেষ বৰঙণি আগবঢ়োৱা ৰাজ্যৰ একোগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰি আহিছে 'বৰপেটা বঁটা' ৷ বৰপেটাৰ সত্ৰীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা অক্ষয় কুমাৰ মিশ্ৰই নিজৰ সুকীয়া ব্যক্তিত্বৰে সমাজত লাভ কৰিবলৈ সক্ষম হৈছে বিশেষ প্ৰতিষ্ঠা (Akshay Kumar Mishra nominated for Barpeta Awards 2023 ) ৷

২০২৩ বৰ্ষৰ সন্মানীয় ’বৰপেটা বঁটা’ ৰ বাবে নিৰ্বাচিত হোৱা অক্ষয় কুমাৰ মিশ্ৰৰ বৰ্তমানলৈকে ২৬ খন গ্ৰন্থ, ১৫ খন সম্পাদিত গ্ৰন্থৰ লগতে অসংখ্য নিবন্ধ বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে ৷ লেখা-মেলাৰ লগতে শিক্ষকতা, সাংবাদিকতা আদি দিশেৰেও অসমীয়া সমাজখনলৈ অনবদ্য অবদান আগবঢ়াই অহা সাহিত্যিকগৰাকীৰ এতিয়াও কেইবাখনো গ্ৰন্থ অপ্ৰকাশিত অৱস্থাত আছে ৷ সত্ৰনগৰী বৰপেটাৰ সুযোগ্য সন্তান অক্ষয় কুমাৰ মিশ্ৰক ’বৰপেটা বঁটা 2023’ ৰ বাবে নিৰ্বাচিত কৰিবলৈ পাই বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই গৌৰৱবোধ কৰা বুলি প্ৰকাশ কৰে আছু নেতা কৃষ্ণকান্ত দাসে (Barpeta AASU press meet on Barpeta Awards 2023 ) ৷

’বৰপেটা বঁটা 2023’ বঁটাত নগদ 10,000 টকা, চেলেং, শৰাই, জাপি আছে বুলি উল্লেখ কৰাৰ লগতে পহিলা বহাগৰ দিনা বঁটাটো বৰপেটা জিলাৰ উপায়ুক্ত আয়ুষ গাৰ্গ আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাই প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে বৰপেটা আছুৱে ৷ ইপিনে অক্ষয় কুমাৰ মিশ্ৰ বৰপেটা বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰ বিয়পি পৰাৰ পিচতে বিভিন্নজন গুণমুগ্ধই বিশিষ্ট সাহিত্যিকগৰাকীক জনাইছে শুভেচ্ছা বাৰ্তা ৷

লগতে পঢ়ক :Press conference at Dumduma: লিডুৰ কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকক ক্ষতিপূৰণ দিয়াৰ দাবী

ABOUT THE AUTHOR

...view details