বৰপেটা, 22 ডিচেম্বৰ:বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ(BTR Chief Promod Boro) বিৰুদ্ধে কোচ ৰাজবংশী ছাত্ৰ সন্থা, বৰপেটা জিলা সমিতিৰ তীব্ৰ প্ৰতিবাদ(AKRSU protest against Promod Boro) ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ দাবী(ST Demand) নস্যাৎ কৰি টুলুঙা মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে প্ৰমোদ বড়োৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৷
আক্ৰাছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি অজয় বৰ্মনে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবীৰ বিৰুদ্ধে মন্তব্য নকৰিবলৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োক সকীয়ানি প্ৰদান কৰাৰ লগেত প্ৰমোদ বড়োক ৰাজনৈতিকভাবেও প্ৰত্যুত্তৰ দিবলৈ আক্ৰাছু সাজু হ’ব বুলি হুংকাৰ দিয়ে ৷ কেৱল সিমানেই নহয়, প্ৰমোদ বড়োৱে এবছুৰ সভাপতি হৈ থকাৰ কালৰে পৰা কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিৰোধিতা কৰি অহাৰ অভিযোগ সংগঠনটোৰ ৷
ইফালে, প্ৰমোদ বড়োৱে কোচ ৰাজবংশীৰ ভোটেৰে নিৰ্বাচনত জয় লাভ কৰি কোচ ৰাজবংশীৰ জনজাতিকৰণৰ(ST Demand of Koch Rajbanshi) বিৰোধিতা কৰি অহা বিষয়টোক দুৰ্ভাগ্যজনক আখ্যা দিয়ে আক্ৰাছুৰ বৰপেটা জিলাৰ সভাপতি অজয় বৰ্মনে ৷ অনাগত দিনত যদি প্ৰমোদ বড়োৱে কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বিৰোধিতা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব বুলিও সকিয়নি প্ৰদান কৰে ৷