অসম

assam

By

Published : Jul 11, 2020, 9:16 PM IST

ETV Bharat / state

বানাক্ৰান্তৰ দুৰ্দশাৰ বুজ ল'লে বিপিএফ নেত্ৰী আখতাৰা আহমেদে

বানাক্ৰান্তৰ ওচৰত উপস্থিত হ'ল বিপিএফ নেত্ৰী আখতাৰা আহমেদ ৷ কিছু পৰিমাণে সাহাৰ্য আগবঢ়োৱাৰ লগতে পৰৱৰ্তী পৰ্যায়ত আৰু সাহাৰ্য প্ৰদানৰ আশ্বাস দিলে নেত্ৰীগৰাকীয়ে ৷

Akhtara Ahmed visits flood affected people in Baksa
বানাক্ৰান্তৰ দুৰ্দশাৰ বুজ ল'লে বিপিএফ নেত্ৰী আখতাৰা আহমেদে

বৰপেটাৰোড, 11 জুলাই : শেহতীয়া বানে ৰাজ্যৰ প্ৰায়ভাগ অঞ্চল বুৰাই পেলাইছে ৷ আনহাতে, বৰ্তমানলৈকে ৰাজ্যত প্ৰাণ হেৰুৱাইছে 42 গৰাকীকৈ লোকে ৷ বাক্সাৰো শেহতীয়া বান পৰিস্থিতি অতি ভয়াৱহ হৈ পৰা পৰিলক্ষিত হৈছে ৷ বাক্সাৰ মথনগুৰীৰ বিভিন্ন অঞ্চলত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ফেনে-ফুটুকাৰে বাঢ়ি অহা বেকী নৈৰ পানীয়ে ৷ উল্লেখ্য যে, ভূটান পাহাৰত হোৱা নেৰানেপেৰা বৰষুণ আৰু ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বৃদ্ধি পাইছিল বেকী নৈৰ জলস্তৰ ৷

বানাক্ৰান্তৰ দুৰ্দশাৰ বুজ ল'লে বিপিএফ নেত্ৰী আখতাৰা আহমেদে

বেকী নৈৰ পানী উফন্দি পৰাত মথনগুৰী সমষ্টিৰ বালিপুৰ ওদালগুৰী গোৱৰ্ধনা অঞ্চলৰ বহুলোকৰ ঘৰ-দোৱাৰ বৰ্তমান পানীৰ তলত ৷ এই বানাক্ৰান্ত লোকসকলে লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য ৷ বালিপুৰ চৰত বসবাস কৰা 42 টা পৰিয়ালৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ ৷

এনে অঞ্চলসমূহৰ বানাক্ৰান্তৰ কাষ চাপিছে বিপিএফৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ ৷ একাঠু পানীত নামি ঘৰে ঘৰে গৈ শনিবাৰে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিয়ে আখতাৰা আহমেদে ৷ ইপিনে লকডাউন চলি থকাৰ বাবে নেত্ৰীগৰাকীয়ে পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰিব পৰা নাই যদিও বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দি তেওঁলোকক কিছু পৰিমাণে সকাহ দিয়ে ৷ বানপানীৰ ফলত গৰু, ছাগলী, হাঁহ-কুকুৰাৰ সৈতে সহবাস কৰা বানাক্ৰান্ত লোকসকলক পৰৱৰ্তী সময়ত অধিক সাহাৰ্য প্ৰদানৰ আশ্বাস দিয়ে আহমেদে ৷

লগতে পঢ়ক :গালৱান দাবী চীনৰ নতুন কথা নহয় - MIT অধ্যাপক

ABOUT THE AUTHOR

...view details