জনীয়া, 20 মে’ :‘‘তৎকালীনভাৱে বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব লাগে চৰকাৰে । অন্যথা বেকী নদীৰ গৰাখহনীয়া (Beki river erosion)ত ৰাইজৰ ক্ষতি হ’লে জগৰীয়া হ’ব ৰাজ্য চৰকাৰ" ৷ বৃহস্পতিবাৰে বেকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰি সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷
উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰত বৃহস্পতিবাৰে কৰাৰকুৰ বেকী নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে বিধায়ক অখিল গগৈয়ে (Akhil Gogoi visited Beki river erosion area)। বেকী নদীৰ গৰাখহনীয়াই আংশিকভাৱে উটুৱাই নিয়া দ্বিতীয় বিকল্প ৰাজ্যিক ঘাইপথ তথা নৈৰ কাষৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰি সেই অঞ্চলৰ সমস্যাসমূহ বুজ লয় বিধায়কগৰাকীয়ে ৷
নৈ কাষৰীয়া এই অঞ্চলৰ মূল সমস্যা গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ শীঘ্ৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক দাবী জনায় অখিল গগৈয়ে ৷