ড্ৰাগ গ্ৰীণ পাৱাৰ কৰ্পোৰেচন লিমিটেডক ক্ষতিপূৰণ দাবী অখিল গগৈৰ
নামনি অসম পৰিদৰ্শন কৰি কুৰিশ্বু বান্ধক শীঘ্ৰে নিয়ন্ত্ৰণৰ দাবী জনায় কৃষক নেতা অখিল গগৈয়ে
ড্ৰাগ গ্ৰীণ পাৱাৰ কৰ্পোৰেচন লিমিটেডক ক্ষতিপূৰণৰ দাবী অখিল গগৈৰ
পাঠশালা, 27 জুলাইঃ ভূটানত অৱস্থিত কুৰিশ্বু নদীবান্ধে এৰি দিয়া পানীয়ে নামনি অসমত সৃষ্টি প্ৰলয় সৃষ্টি কৰাৰ সময়তে শনিবাৰে নামনি অসমৰ কেতবোৰ বান আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে কৃষক নেতা অখিল গগৈয়ে ৷ কোনো আগতীয়া জাননী নিদিয়াকৈ এনেদৰে নদীবান্ধৰ পানী এৰি দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰি কৃষক নেতা গৰাকীয়ে ড্ৰাগ গ্ৰীণ পাৱাৰ কৰ্পোৰেচন লিমিটেডক ইয়াৰ ক্ষতিপূৰণ দিবলৈ দাবী জনায় ৷ ইয়াৰোপৰি অসমৰ শক্তি খণ্ডৰ কোনো লাভ নোহোৱা এই নদীবান্ধক শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ দাবী উত্থাপন কৰে ৷