অসম

assam

By

Published : Sep 15, 2020, 4:54 PM IST

ETV Bharat / state

গৰাখহনীয়াত ক্ষতিগ্ৰস্তৰ কাষত আকবৰ আলী ফাউণ্ডেশ্যন

পৰিদৰ্শন কালত ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা শামচুল হকে হালধীয়া পাৰা গাঁৱৰ এক ধৰ্মীয় অনুষ্ঠানত 20 হাজাৰ টকাৰ এক আৰ্থিক অনুদান আগবঢ়ায় ৷

Akbar Alin foundatin visited erosion affected areas of Baghbar
গৰাখহনীয়াত ক্ষতিগ্ৰস্তৰ কাষত আকবৰ আলী ফাউণ্ডেশ্যন

জনীয়া, 15 ছেপ্তেম্বৰ:আকবৰ আলী ফাউণ্ডেশ্যনৰ মহানুভৱতা ৷ মঙলবাৰে মানাহ নদীৰ ভয়ংকৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা বাঘবৰ সমষ্টিৰ অন্তৰ্গত চতলা জিলা পৰিষদৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজৰ অৱস্থাৰ বুজ ল'লে আকবৰ আলী ফাউণ্ডেশ্যনৰ এক সঁজাতি দলে ৷ ইয়াৰ ওপৰিও পৰিদৰ্শন কালত ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা শামচুল হকে হালধীয়া পাৰা গাঁৱৰ এক ধৰ্মীয় অনুষ্ঠানত 20 হাজাৰ টকাৰ এক আৰ্থিক অনুদান আগবঢ়ায় ৷ ইয়াৰ পাছতেই আকবৰ আলী ফাউণ্ডেশ্যনৰ এই মহাঅনুভৱতাৰ শলাগ লৈছে স্থানীয় লোকে ।

গৰাখহনীয়াত ক্ষতিগ্ৰস্তৰ কাষত আকবৰ আলী ফাউণ্ডেশ্যন

উল্লেখ্য যে, বিগত এমাহ ধৰি মানাহ নদীৰ গৰাখহনীয়াত জাহ গৈছে বাঘবৰ সমষ্টি আৰু কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত হালধীয়াপাৰা,খন্দকাৰপাৰা,মইনবৰী আদি অঞ্চলৰ বিস্তীৰ্ণ কৃষিভুমি ৷ শস্য শ্যামলা খেতি পথাৰৰ লগতে শ-শ ৰাইজৰ ঘৰ দুৱাৰ,শিক্ষানুষ্ঠান,ধৰ্মীয় অনুষ্ঠান আদি নৈৰ বুকুত জাহ যোৱাত সৰ্বহাৰা হৈ পৰিছে ৰাইজ ৷ কিন্তু ইমানৰ পাছতো চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগীৰ ৷ পৰিদৰ্শন কালত চৰকাৰ তথা জিলা প্ৰশাসনক তৎকালীন ভাবে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ আৰু গৰাখহনীত ক্ষতিগ্ৰস্তক সুকীয়া পৰিচয় পত্ৰ প্ৰদান কৰাৰ দাবী জনায় ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা শামচুল হকে ৷

লগতে পঢ়কঃ নগাঁৱৰ শৃঙ্গাৰাপট্টিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ABOUT THE AUTHOR

...view details