পাঠশালা, 9 আগষ্ট : বজালীৰ গলিয়াত নিৰ্মাণ হৈ থকা টোলগেটৰ কাম প্ৰায়ে সম্পূৰ্ণ হোৱাৰ পথত ৷ গলিয়াৰ সমীপৰ চাৰিলেণ্ড যুক্ত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলগেটখনৰ নিৰ্মাণৰ কাম ক্ষীপ্ৰ গতিত চলি আছে বুলি জানিব পৰা হৈছে ৷ কিন্তু এই টোলগেটখনৰ নিৰ্মাণকলৈ এতিয়া দল-সংগঠনৰ লগতে সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালীৰ জিলা সমিতিৰ অভিযোগ অনুসৰি 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে গলিয়াত স্থাপন কৰা হৈছে টোলগেট ৷ এই টোলগেটখন নিৰ্মাণৰ কাম অহা একমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিভাগীয় মন্ত্ৰী-বিষয়াৰ পৰা নিৰ্মাণৰ দায়িত্বত থকা কোম্পানীক হেঁচা প্ৰয়োগ কৰা হৈছে ৷ 31 নং ৰাষ্ট্ৰী ঘাইপথৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বিপৰীতে টোলগেট নিৰ্মাণত কিয় অধিক গুৰুত্ব দিয়া হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে AJYCP ৰ বজালীৰ জিলা সমিতিয়ে ৷
লগতে পঢ়ক : নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ সৈতে কি আলোচনা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ?
সংগঠনটোৰ বিষয়ববীয়াই সদৰি কৰা মতে, হাউলীৰ পৰা নাটকুছিলৈকে ঘাইপথটোৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল KMC নামৰ এটা ব্যক্তিগত নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ৷ প্ৰতিষ্ঠানটোৱে পথচোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল প্ৰায় 15-16 বছৰৰ পূৰ্বেই ৷ নিদিষ্ট সময়সীমা বান্ধি দিয়াৰ পাচতো দুৰ্ভাগ্যজনকভাৱে KMC নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে আজিকোপতি ৰাষ্ট্ৰীয় ঘাইপথচোৱা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন কৰিছে AJYCP য়ে ৷