বৰপেটা, ৪ আগষ্ট: বৰপেটা সদৰ থানাত বৃহস্পতিবাৰে উপস্থিত হয় অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদ(AJP Vice President Dulu Ahmed) ৷ ২৮ জুলাইত সৰুক্ষেত্ৰীৰ বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে দুলু আহমেদৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ(Case Registered against AJP Leader Dulu Ahmed) ৷ বিশেষকৈ ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং(Cross voting in presidential election) কৰা বুলি অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে সংবাদ মাধ্যমত মুকলিকৈ অভিযোগ উত্থাপন কৰিছিল ৷
ইয়াৰ পিচতেই দুলু আহমেদৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছিল বিধায়ক জাকিৰে হুছেইন শিকদাৰে(Congress MLA Jakir Hussain Sikdar) ৷ ইপিনে বৰপেটা সদৰ থানাত উপস্থিত হৈ আজি পুনৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে দুলু আহমেদ ৷ জাকিৰ হুছেইন শিকদাৰে ২০১৬ চনত কংগ্ৰেছৰ কোনো মন্ত্ৰীক ব্লেকমেইলিং কৰি দলীয় টিকট লাভ কৰা আৰু বিচিত্ৰ চৌধুৰীৰ দৰে কংগ্ৰেছী নেতাৰ টিকট বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ কৰে দুলু আহমেদে ৷