অসম

assam

কংগ্ৰেছ, এ আই ইউ ডি এফক 'ফটা টিউব' আখ্যা ইদ্ৰিছ আলী আহমেদৰ

By

Published : Feb 25, 2021, 3:37 PM IST

'কংগ্ৰেছ, এ আই ইউ ডি এফ দল ফটা টিউবৰ সদৃশ । কংগ্ৰেছৰ শাসন কালত মানুহৰ তেজৰ মূল্য নাছিল । কোনো কাৰণতে অসম জাতীয় পৰিষদে কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বিজেপিৰ সমৰ্থন নলয়' । বৰপেটাৰ কলগাছিয়াত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে জনীয়া সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী তথা দলটোৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি ইদ্ৰিছ আলী আহমেদে ।

কংগ্ৰেছ, এ আই ইউ ডি এফক 'ফটা টিউব' আখ্যা ইদ্ৰিছ আলী আহমেদৰ
কংগ্ৰেছ, এ আই ইউ ডি এফক 'ফটা টিউব' আখ্যা ইদ্ৰিছ আলী আহমেদৰ

জনীয়া, ২৫ ফেব্ৰুৱাৰী: বৰপেটাৰ কলগাছিয়াত সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি ইদ্ৰিছ আলী আহমেদে কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছৰ অপশাসনৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত বৰপেটাত পাইলট প্ৰজেক্টৰ গয়না লৈ ৪ জন নিৰীহ লোকক গুলীয়াই হত্যা কৰা হৈছিল ।

সেই সময়ৰ বৰপেটাৰ সাংসদ ইছমাইল হুছেইন আৰু জনীয়াৰ বিধায়ক আব্দুল খালেকৰ ভূমিকাও সন্দেহজনক আছিল বুলি মন্তব্য কৰে ইদ্ৰিছ আলী আহমেদে । কোকৰাঝাৰ, চিৰাং, নাৰায়ণপুৰ, বাশবাৰী আৰু নেলীতো বহু লোকক হত্যা কৰাৰ কথা উল্লেখ কৰি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে । কংগ্ৰেছৰ শাসন কালত মানুহৰ তেজৰ মূল্য নাছিল বুলি ক্ষোভ প্ৰকাশ কৰে ইদ্ৰিছ আলী আহমেদে ।

কংগ্ৰেছ, এ আই ইউ ডি এফক 'ফটা টিউব' আখ্যা ইদ্ৰিছ আলী আহমেদৰ

নাগৰিকত্ব সংশোধনী বিধায়ক সন্দৰ্ভত তেওঁ কয় যে, বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে । বিজেপিক গাদীচ্যুত কৰাৰ বাবে আঞ্চলিক দলসমূহ একত্ৰিত হৈছে বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে । এন আৰ চি প্ৰসংগত তেওঁ কয় যে, কংগ্ৰেছে এনআৰচিক লৈ ষড়ষন্ত্ৰ কৰিছে আৰু এটা দলেও এন আৰ চিৰ কাম সম্পূৰ্ণ হোৱাটো বিচৰা নাই । লগতে তেওঁ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক 'ফটা টিউব' আখ্যা দি কটাক্ষ কৰে ।

লগতে ২০২১ৰ নিৰ্বাচন জয়ী হৈ অসম জাতীয় পৰিষদৰ নেতৃত্বত গঠিত মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি তেওঁ দাবী কৰে । কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ সমৰ্থন লৈ অসম জাতীয় পৰিষদে কেতিয়াও চৰকাৰ গঠন নকৰে বুলি সংবাদমেলতে তেওঁ ষ্পষ্ট কৰি দিয়ে । লগতে দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে জনীয়া সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দিতা কৰিব বুলিও জানিবলৈ দিয়ে ।


লগতে পঢ়ক:আকাশবাণীৰ সেই চিনাকী কণ্ঠৰ গৰাকী কুল বৰুৱা আৰু নাই...

ABOUT THE AUTHOR

...view details