অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় দলেৰে সনা-পিটিকা কৰা আঞ্চলিক দলৰ সৈতে মিত্ৰতা নহয় : লুৰিণজ্যোতি গগৈ - গুপ্তহত্যা

বৰপেটাত উপস্থিত লুৰিণ জ্যোতি গগৈ সহ অসম জাতীয় পৰিষদৰ বহু নেতাকৰ্মী ৷ অসম জাতীয় পৰিষদৰ যোগদান সভাত উপস্থিত থাকে নেতা গৰাকীয়ে ৷ সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান লুৰিণৰ ৷

AJP Presedent Lurinjyoti Gogoi At Barpeta
আছুৰ ঔৰসত জন্ম লোৱা সন্তানটিয়ে ভেজাল জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰিছেঃ লুৰিণ

By

Published : Jan 10, 2021, 7:57 PM IST

বৰপেটা, 10 জানুৱাৰী :নামনি অসমত অসম জাতীয় পৰিষদৰ ভেটি সবল কৰাৰ উদ্দেশ্যে দেওবাৰে বৰপেটা জিলাত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা আৰু দলটোৰ বহু সংখ্যক নেতাকৰ্মী ৷

আছুৰ ঔৰসত জন্ম লোৱা সন্তানটিয়ে ভেজাল জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰিছেঃ লুৰিণ

চেঙাত উপস্থিত হৈ নেতা গৰাকীয়ে কয় যে, বিজেপি বিৰোধী হ’লেও সকলোবোৰ ৰাজনৈতিক দল অথবা কোনো ৰাষ্ট্ৰীয় দলৰ লগত সনা পিটিকা কৰা কোনো আঞ্চলিক দলেৰে মিত্ৰতা নহয় বুলি ঘোষণা লুৰিণ জ্যেতি গগৈৰ ৷ ইপিনে, 'কা' সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে নেতা গৰাকীয়ে ৷

পৰৱৰ্তী সময়ত বৰপেটা সত্ৰত সেৱা জনাই লুৰিণ জ্যোতি গগৈয়ে কয় যে, শ্ৰীমন্ত শংকৰ-মাধৱ গুৰুসকলে প্ৰাণ প্ৰতিষ্ঠা কৰি যোৱা অসমীয়া জাতিৰ আদৰ্শ, চিন্তা আৰু জাতীয় দৰ্শনক জাতীয় জীৱনৰ আধাৰ ৷ সমাজলৈ অহা সংকত আৰু সমন্বয়ৰ ভেঁটিত হোৱা আঘাত আৰু সাম্প্ৰদায়িক বিষবাষ্পই সমাজত বিভাজনৰ সৃষ্টি কৰিলে গুৰুসকলৰ আদৰ্শ আৰু চিন্তাই সমন্বয়ৰ আদৰ্শৰে বাট বুলি যোৱাৰ সাহস যোগায় বুলিও মন্তব্য লুৰিণৰ ৷

আছুৰ ঔৰসত জন্ম লোৱা সন্তানটিয়ে ভেজাল জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰিছেঃ লুৰিণ

লগতে পঢ়ক :গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সুধাংশু ঢুলীয়াৰ

বৰপেটা সত্ৰত উপস্থিত হৈ লুৰিণ জ্যোতি গগৈয়ে গুৰুসকলৰ আশিস প্ৰাৰ্থনা কৰি জাতীয় জীৱনৰ স্বাৰ্থত কোনো কালেই যাতে আপোচ কৰিবলগীয়া পৰিস্থিতি নহয় আৰু অসমবাসীয়ে বিচাৰি থকা আপোচবিহীন স্বাভিমানী সত্বা গঢ়িবলৈ সক্ষম হয় তাৰ বাবে অসমবাসী ৰাইজৰ সমৰ্থন আৰু গুৰুসকলৰ আশীৰ্বাদ কামনা কৰে লুৰিণে ৷

ইপিনে, অসম জাতীয় পৰিষদক সমৰ্থন কৰাৰ ফলত আছুৱে জাতীয় সংগঠনৰ মৰ্যাদা হেৰুৱাই পেলোৱা বুলি অগপৰ সভাপতি অতুল বৰাই আছুক কৰা সমালোচনাৰো প্ৰত্যুত্তৰ লুৰিণ জ্যেতি গগৈৰ ৷ লুৰিণৰ মন্তব্য অনুসৰি, 1985 চনত আছুৰ ঔৰষত জন্ম পোৱা সন্তানটো স্বাভিমানী হ'ব বুলি আশা কৰা হৈছিল যদিও সেই সন্তানটোৱে ভেজাল জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰা বুলি অগপৰ বিৰুদ্ধে ইতিকিংসূচক মন্তব্য প্ৰদান কৰে লুৰিণে ৷ জাতিটোক চূড়ান্ত বিশ্বাসঘাটকতা আৰু প্ৰতাৰণা কৰি জাতীয় শ্বহীদ সকলৰ ত্যাগক চূড়ান্ত অপমান কৰা বুলিও আওপকীয়াকৈ অগপক সমালোচনা কৰে ৷ কেৱল ক্ষমতাৰ স্বাৰ্থত নিজৰ মাতৃৰ আহ্বানকো পাহৰি গৈ ক্ষমতাৰ বাবে অসমীয়া জাতিৰ প্ৰতাৰক আখ্যা লুৰিণৰ ৷

লগতে পঢ়ক :শোৱনী কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ আৰক্ষী বিষয়াৰ মৃতদেহ

আনহাতে, বৰপেটাত গুপ্তহত্যাৰ প্ৰসংগ উত্থাপন কৰি দিছপুৰৰ ক্ষমতা আৰু কমিছনৰ অংকই মূল লক্ষ্য বুলিও অগপক সমালোচনা লুৰিণৰ ৷ পৰৱৰ্তী সময়ত বৰপেটাৰ পৰা লুৰিণ জ্যোতি গগৈ, জগদীশ ভূঞাসহ জাতীয় পৰিষদৰ নেতৃত্বই জনীয়াৰ বামুনটাৰীত অনুষ্ঠিত যোগদান সমাৰোহত অংশগ্ৰহণ কৰে ৷

ইপিনে, লুৰিণ জ্যেতি গগৈৰ নেতৃত্বত ৰাজ্যত অসম জাতীয় পৰিষদে চৰকাৰ গঠন কৰাতো নিশ্চিত বুলি মন্তব্য কৰে এজেপিৰ নেতা দুলু আহমেদে ৷ একেখন মঞ্চতে দুলু আহমেদে ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদকো ক্ষুৰধাৰ সমালোচনা কৰে ৷

লগতে পঢ়ক :কৰুণ : শুই থকা অৱস্থাতেই জীৱন্তে অগ্নিদগ্ধ স্বামী-স্ত্ৰী

ABOUT THE AUTHOR

...view details