অসম

assam

ETV Bharat / state

Death Anniversary of Ambikagiri Raychaudhuri : বৰপেটাত জাতীয় স্বাভিমান দিৱস উদযাপন এজেপিৰ - RSS

সোমবাৰে বৰপেটাত পালন কৰা হয় অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ মৃত্যু দিৱস (death anniversary of Ambikagiri Raychaudhuri) । অসম জাতীয় পৰিষদে 'জাতীয় স্বাভিমান দিৱস' হিচাপে পালন কৰে অম্বিকাগিৰি ৰায়চৌধুৰীৰ মৃত্যু দিৱস ৷ স্বাভিমান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

AJP Jatiya Swabhiman Divas in Barpeta
বৰপেটাত জাতীয় স্বাভিমান দিৱস উদযাপন

By

Published : Jan 2, 2023, 10:15 PM IST

বৰপেটাত জাতীয় স্বাভিমান দিৱস উদযাপন অজাপৰ

বৰপেটা, ২ জানুৱাৰী : আজি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ মৃত্যু দিৱস (death anniversary of Ambikagiri Raychaudhuri) ৷ অসমৰ জাতীয়তাবাদৰ অগ্ৰণী সেনানায়ক, কবি, গীতিকাৰ, নাট্যকাৰ, আলোচনীৰ সম্পাদক অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ মৃত্যু দিৱসটো আজি আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে 'জাতীয় স্বাভিমান দিৱস' হিচাপে পালন কৰে (AJP Jatiya Swabhiman Divas in Barpeta) ৷

এই উপলক্ষে বৰপেটাত অসম জাতীয় পৰিষদে অনুষ্ঠিত কৰা স্বাভিমান দিৱসৰ অনুষ্ঠানত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে (AJP president Lurinjyoti Gogoi) ৷ বৰপেটাত জাতীয় স্বাভিমান দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি লুৰীণজ্যোতি গগৈয়ে অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সাংবাদিকৰ আগত অম্বিকাগিৰি ৰায়চৌধুৰীক জাতিটোৰ স্বাভিমানৰ প্ৰতীক বুলি অভিহিত কৰে (Assam Jatiya Parishad) ৷

আনহাতে, অবৈধ বিদেশী নাগৰিক আৰু বহিৰাগতৰ আগ্ৰাসনৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত সেই সময়তে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰকাশ কৰা সকীয়নিৰ কথাও তেওঁৰ বক্তব্যত উল্লেখ কৰে ৷ আনকি এসময়ত অম্বিকাগিৰি ৰায়চৌধুৰীক বিচ্ছিন্নতাবাদী বা কট্টৰ জাতীয়তাবাদী শক্তি হিচাপে অভিহিত কৰি তেওঁক অৱজ্ঞা বা আওকাণ কৰা মনোভাব পোষণ কৰা হৈছিল বুলিও তেওঁ মন্তব্য কৰে ৷

নিজৰ বক্তব্যত অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে অসমৰ আলফা সমস্যাৰ সমাধান আৰু পৰেশ বৰুৱাৰে (ULFA chief Paresh Baruah) আলোচনাৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (CM Himanta Biswa Sarma) ৷ পৰেশ বৰুৱাৰে আলোচনাত সফল হ'ব নোৱাৰি মুখ্যমন্ত্ৰীয়ে এয়া নিজৰ বিফলতা ঢাকিবৰ বাবে জনগণৰ ওচৰত দায়িত্ব এৰি নিজৰ দায়িত্বৰ পৰা আঁতৰিব বিচাৰিছে বুলি প্ৰকাশ কৰে তেওঁ ৷

লগতে এয়া মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতা বুলিও উল্লেখ কৰে ৷ ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক বিচক্ষণতাৰ অভাৱ বুলিও মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷ ইপিনে চাৰিখনকৈ জিলাৰ মৰ্যাদা কৰ্তন সম্পৰ্কত কেবিনেটে লোৱা সিদ্ধান্তৰো তীব্ৰ সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে ৷ এয়া অসম চৰকাৰৰ টোঘলকী সিদ্ধান্ত বুলি অভিহিত কৰি এই সিদ্ধান্তৰে বিজেপি (BJP) আৰু আৰএছএছৰ (RSS) স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰিছে নেকি বুলিও প্ৰশ্ন তোলে ৷ লগতে এই টোঘলকী কাণ্ড শীঘ্ৰে বন্ধ কৰাৰো আহ্বান জনায় ৷

উল্লেখ্য, সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কতো মন্তব্য আগবঢ়ায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ পূৰ্বে ভোটাৰ তালিকাত বিদেশীৰ নাম থকা বুলি কৈ বিজেপিয়েই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰি যিসময়ত বিদেশী নাগৰিকৰ সমস্যা সমাধান হোৱা নাই, শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱা নাই, তেনে সময়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে বিজেপিয়ে আৰএছএছৰ স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক :Raghav Movie Shooting : ৰামোজী ফিল্ম চিটিত দৃশ্যগ্ৰহণ সম্পন্ন যতীন বৰাৰ নতুন ছবি ৰাঘৱৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details