জনীয়া,25 মাৰ্চ:নিৰ্বাচনৰ প্ৰাকক্ষণত সমষ্টিৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী অধিবক্তা শুকুৰ আলী আহমেদৰ এখন নিৰ্বাচনী পৰিচালনা কমিটি গঠন ৷ সেই উপলক্ষে অসম জাতীয় পৰিষদৰ জনীয়া সমষ্টিৰ সভাপতি তাৰেক হুছেইনৰ সভাপতিত্বত জনীয়া সমষ্টিৰ জনতাত বৃহস্পতিবাৰে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ৷ সভাত অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী অধিবক্তা শুকুৰ আলী আহমেদ নিৰ্বাচিত হ'লে কি কি সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিব সেই সম্পৰ্কে ভাষণ প্ৰদান কৰে ৷
জনীয়াত শুকুৰ আলী আহমেদৰ নিৰ্বাচনী পৰিচালনা কমিটি গঠন - AJP election committee form at Jania
অসম জাতীয় পৰিষদৰ জনীয়া সমষ্টিৰ সভাপতি তাৰেক হুছেইনৰ সভাপতিত্বত জনীয়া সমষ্টিৰ জনতাত বৃহস্পতিবাৰে গঠন কৰা হয় অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী অধিবক্তা শুকুৰ আলী আহমেদৰ এখন নিৰ্বাচনী পৰিচালনা কমিটি ৷ সভাত শুকুৰ আলী আহমেদ নিৰ্বাচিত হ'লে কি কি সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিব সেই সম্পৰ্কে ভাষণ প্ৰদান কৰে ৷
সেই অনুসৰি সমষ্টিটোৰ খহনীয়া, নিবনুৱা সমস্যা সমাধান, নাগৰিকত্বৰ সমস্যা, ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত লগাই ৰখা বাংলাদেশীৰ লেভেল চিৰদিনৰ বাবে নাইকিয়া কৰা, 'ডি' ভোটাৰৰ সমস্যা সমাধান কৰাৰ লগতে যাতায়ত, শিক্ষা আৰু স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদানৰ আশ্বাস প্ৰদান কৰে শুকুৰ আলী আহমেদে ৷ লগতে ভাষণ প্ৰসংগত বিজেপি, কংগ্ৰেছ আৰু এআইইউডিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰে শুকুৰ আলী আহমেদে ৷ আনহাতে উচ্চ ন্যায়ালয়ত ডি ভোটাৰ সম্পৰ্কে দাখিল কৰা গোচৰ উঠাই অনাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে অজাপৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদে ৷