বৰপেটা, 23 মাৰ্চ:সোমবাৰে চেঙাত নিৰ্বাচনী প্ৰচাৰত অংশ ল’লে বদৰুদ্দিন আজমলে ৷ চেঙা সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ হৈ সোমবাৰে নিশালৈকে সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলায় এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে ৷ নিৰ্বাচনী প্ৰচাৰ সভাতেই এআইইউডিএফৰ সভাপতি গৰাকীয়ে এইবাৰ ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ’ব বুলি মন্তব্য কৰে ৷
মুছলমান মহিলাক সন্তান জন্ম দিয়া মেচিন বুলি ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আজমলে ৷ পাকিস্থান জিন্দাবাদ বা আজমলক মোগল বুলি কৰা সম্বোধন আদিৰে হিমন্ত বিশ্ব শৰ্মাই আবোল তাবোল বকি আছে ৷ হিমন্ত বিশ্বই পুৱা এটা, দুপৰীয়া এটা আৰু নিশা আজমলক লৈ আন এটা মন্তব্য ব্যক্ত কৰে ৷ এই বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে এআইইউডিএফৰ সভাপতি গৰাকীয়ে ৷