জনীয়া, 23 জুন :ভাৰতৰ নিৰ্বাচন আয়োগে 20 জুন তাৰিখে প্ৰকাশ কৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ ৷ আগন্তুক 11 জুলাইলৈকে এই খচৰা সন্দৰ্ভত পৰামৰ্শ আৰু আপত্তি দৰ্শোৱাৰ সময়সীমা বান্ধি দিয়াৰ পিচতেই বিভিন্ন ৰাজনৈতিক দল-সংগঠনসমূহে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া । এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে AIUDF প্ৰধান বদৰউদ্দিন আজমলে ।
বৃহস্পতিবাৰে নিশা কলগাছিয়াত বৰপেটা জিলা AIUDF কমিটিৰ সাধাৰণ সম্পাদক খণ্ডকাৰ আশ্ৰাফুল মামুনৰ ঘৰত AIUDF প্ৰধান বদৰউদ্দিন আজমল উপস্থিত হৈ সাংবাদিকৰ আগত কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘কংগ্ৰেছ আৰু বিজেপি মিলি আছে ৷ কথাই কথাই কৈ থাকে যে বিজেপিৰ B টিম AIUDF বুলি, কিন্তু বিজেপিৰ A++ টিম কংগ্ৰেছ বুলি প্ৰমাণিত হৈছে ৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা দুই দলৰ সুবিধাৰ স্বাৰ্থত প্ৰস্তুত কৰা হৈছে’’ ৷
লগতে পঢ়ক :Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ একপক্ষীয়ভাৱে কৰা হৈছে: খলিল উদ্দিন