জনীয়া,২৪ মাৰ্চ: বিজেপি, কংগ্ৰেছ, অগপৰ সমান্তৰালকৈ কংগ্ৰেছ মহাজোঁটৰ অন্যতম দল এআইইউডিএফে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিসমূহত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী ৰাজীৱ আহমেদে বুধবাৰে মইনবড়ীত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে ।
বাঘবৰত এআইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি - বাঘবৰত এআইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি
বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ এআইইউডিএফ-ৰ প্ৰাৰ্থী ৰাজীৱ আহমেদে বুধবাৰে মইনবড়ীত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে । কাৰ্যালয় উদ্বোধন কৰি বাঘবৰ সমষ্টিৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰাৰ্থীগৰাকীয়ে ।

কাৰ্যালয় উদ্বোধন কৰি বাঘবৰ সমষ্টিৰ নদীৰ খহনীয়া, নিবনুৱা সমস্যা, চৰাঞ্চলৰ ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি গুৰুত্ব প্ৰদান, ডি ভোটাৰ আৰু নাগৰিকত্ব সমস্যা সমাধান, শিক্ষা ব্যৱস্থা উন্নয়ন কৰা, যাতায়ত আৰু স্বাস্থ্যৰ উন্নয়ন আদি বিভিন্ন দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মহাজোঁটৰ প্ৰাৰ্থী ৰাজীৱ আহমেদে ।
সমষ্টিটোৰ বিধায়ক শ্বেৰমান আলীক বিভিন্ন সমালোচনা কৰে ৰাজীৱ আহমেদে । বিধায়কগৰাকীয়ে কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ যি দাবী উত্থাপন কৰিছিল তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাজীৱ আহমেদে ।
লগতে পঢ়ক:মাহমৰাত মাণিক গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ লুৰিণৰ