জনীয়া, 18 ফেব্ৰুৱাৰী:বাল্যবিবাহ ৰোধ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে মানুহক বিপদৰ মুখলৈ ঠেলি দিছে ৷ কলগাছিয়াত এই মন্তব্য জনীয়াৰ বিধায়ক ৰফিকুল ইছলামৰ ৷ উল্লেখ্য যে, বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে চলোৱা তীব্ৰ আৰু কঠোৰ অভিযানক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ ইতিমধ্যেই আৰক্ষীয়ে বাল্যবিবাহ কৰা আৰু বাল্যবিবাহৰ লগত জড়িত প্ৰায় তিনি সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰিছে (Crack down on child marriage) ৷
বাল্যবিবাহ বন্ধ হ'ব লাগে, এই কথাত কাৰো দ্বিমত নাই বুলি কৈ এই আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মানুহক বিপদলৈ ঠেলি চমক সৃষ্টি কৰিছে বুলি অভিযোগ কৰে ৷ মানুহক বিপদৰ মুখলৈ ঠেলি দি ডিঙি চেপিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীক তীক্ষ্ন সমালোচনা ড৹ ৰফিকুল ইছলামৰ (Rafiqul Islam slams BJP over child marriage) ৷
বিধায়কগৰাকীয়ে লগতে কয়, ‘‘বাল্যবিবাহ স্বাস্থ্য আৰু শিক্ষাৰ লগত সম্পৰ্ক থকা সমস্যা ৷ কিন্তু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পোন্ধৰ বছৰ শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী আছিল যদিও কোনো কাম নকৰিলে । কেৱল শুই বহিয়েই হিমন্ত বিশ্ব শৰ্মাই সময় পাৰ কৰিলে বুলিও তীব্ৰ কটাক্ষ ৰফিকুল ইছলামৰ (Anti Child marriage drive in Assam) ৷
স্মৰ্তব্য যে, বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰৰ নিৰ্দেশত চলোৱা অভিযানৰ বাবে আতংকিত হৈ আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’বলৈ বাধ্য হোৱাৰ দৰে ভয়ংকৰ ঘটনাও ৰাজ্যখনত সংঘটিত হৈছে ৷ সমান্তৰালভাৱে বিবাহপাশত আৱদ্ধ নোহোৱা যুৱককো গ্ৰেপ্তাৰ কৰি হাৰাশাস্তি চলোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে ৷ শেহতীয়াকৈ বাল্যবিবাহৰ অপৰাধত তিনিসহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা ঘটনাক প্ৰত্যাহ্বান জনাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Child marriage arrests in Assam) ৷