অসম

assam

ETV Bharat / state

একপক্ষীয় প্ৰেমে পূৰ্ণতা লাভ নকৰে: ৰফিকুল ইছলাম - একপক্ষীয় প্ৰেম

বিটিচিত কংগ্ৰেছ-এআইইউডিএফৰ মাজত হোৱা মিত্ৰতাক ৰাইজে প্ৰত্যাখ্যানৰ পাচতে মুখ খুলিছে এআইইউডিএফৰ জনীয়া সমষ্টিৰ বিধায়ক তথা দলটোৰ মুখপাত্ৰ ৰফিকুল ইছলামে ৷ ৰফিকুল ইছলামে কয় অসমৰ ৰাইজে বিজেপিৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰি মহাজোঁট হোৱাতো বিচাৰিছে ৷ গতিকে প্যাৰ মহব্বত দুয়োপক্ষৰ পৰাই হ'ব লাগিব ৷ একপক্ষীয় প্ৰেমে পূৰ্ণতা লাভ নকৰে ৷

AIUDF meeting at sarukhetri at Barpeta
এআইইউডিএফৰ একপক্ষীয় প্ৰেম: কংগ্ৰেছৰে হ'বনে মিত্ৰতা !

By

Published : Dec 28, 2020, 10:31 AM IST

Updated : Dec 28, 2020, 2:18 PM IST

বৰপেটা, ২৮ ডিচেম্বৰ: বিটিচি নিৰ্বাচনৰ ফলাফলৰ পাচতে গেঠেলা মাৰিছে কংগ্ৰেছ-এআইইউডিএফৰ মাজত চলি থকা মিত্ৰতাৰ প্ৰসংগ ৷ বিটিচিত কংগ্ৰেছ-এআইইউডিএফৰ মাজত হোৱা মিত্ৰতাক ৰাইজে প্ৰত্যাখ্যানৰ পাচতে এখোজ আগুৱাইও দুখোজ পিছুৱাবলগীয়া হৈছে কংগ্ৰেছে ৷ কংগ্ৰেছৰ নীতিক লৈ অৱশেষত মুখ খুলিছে এআইইউডিএফৰ জনীয়া সমষ্টিৰ বিধায়ক তথা দলটোৰ মুখপাত্ৰ ৰফিকুল ইছলামে ৷ সৰুক্ষেত্ৰীৰ জাৰাবাৰীত অনুষ্ঠিত দলটোৰ এখন সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ নীতিক লৈ বিধায়ক ৰফিকুল ইছলামে ক'লে,প্যাৰ মহব্বত দুয়োপক্ষৰ পৰাই হ'ব লাগিব ৷ একপক্ষীয় প্ৰেমে পূৰ্ণতা লাভ নকৰে ৷ অসমৰ ৰাইজে বিজেপিৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰি মহাজোঁট হোৱাতো বিচাৰিছে ৷

এআইইউডিএফৰ একপক্ষীয় প্ৰেম: কংগ্ৰেছেৰে হ'বনে মিত্ৰতা !

ইপিনে নৱগঠিত আঞ্চলিক শক্তি ৰাইজৰ দলে নামনি অসমৰ মুছলমান অধ্যুষিত সমষ্টি সমূহত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে অধিকাংশ সমষ্টি দখল কৰিব বুলি ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে যি দাবী কৰিছে তাক নস্যাৎ কৰিছে জনীয়াৰ এআইইউডিএফৰ বিধায়কগৰাকীয়ে ৷ ৰাজনীতিত উজনি, নামনি বুলি কথা নাই ৰাইজে নতুন দল বোৰৰ কাম কাজ আৰু এজেণ্ডা সমূহ লক্ষ্য কৰিব ৷ আনহাতে কমল কুমাৰ মেধিয়ে এআইইউডিএফক মুছলমানৰ দল বুলি অভিহিত কৰা মন্তব্যক খণ্ডন কৰি এআইইউডিএফ দল সকলো জাতি জনগোষ্ঠীৰ দল বুলি দাবী কৰে ৷

এআইইউডিএফৰ একপক্ষীয় প্ৰেম: কংগ্ৰেছৰে হ'বনে মিত্ৰতা !

উল্লেখ্য যে, এআইইউডিএফে কংগ্ৰেছৰে মিত্ৰতাৰ কথা কৈ আছে যদিও আনফালে কংগ্ৰেছৰ দখলত থকা সমষ্টি সমূহত সাংগঠনিক স্থিতি শক্তিশালী কৰি তুলি সমষ্টি সমূহত এআইইউডিএফে প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ দাবী তুলি আহিছে ৷ বিশেষকৈ কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰৰ দখলত থকা সৰুক্ষেত্ৰী সমষ্টিত এআইইউডিএফে চলাই থকা সাংগঠনিক তৎপৰতাই কংগ্ৰেছৰ বিধায়কগৰাকীৰ নিদ্ৰা হৰণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:বিজেপি চৰকাৰ দুষ্ট আৰু ভ্ৰষ্টাচাৰীৰ চৰকাৰ: পৃথিৰাজ প্ৰভাকৰ সাথ

Last Updated : Dec 28, 2020, 2:18 PM IST

ABOUT THE AUTHOR

...view details