জনিয়া, 8 অক্টোবৰ : হাউলীৰ খন্দকাৰপাৰাত এআইইউডিএফৰ বিশাল কৰ্মী সভা । বৰপেটা জিলা এআইইউডিএফৰ উদ্যোগত আৰু বৰপেটা সমষ্টি কমিটীৰ সহযোগত হাউলী খন্দকাৰপাৰাত বৰপেটা জিলা ভিত্তিক এক কৰ্মী সভা অনুষ্ঠিত হয় ।
উক্ত কৰ্মী সভাত উপস্থিত থাকে দলটোৰ অধ্যক্ষ মৌলানা বদৰুদ্দিন আজমল । কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্রতা সন্দৰ্ভত আজমলে প্ৰকাশ কৰে মন্তব্য । ডিচেম্বৰ মাহৰ পিছতে আনুষ্ঠানিকভাৱে ঘোষনা হ'ব মিত্রতাৰ । 21ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে এআইইউডিএফে । সভাত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে আজমলে । হিমন্ত বিশ্ব শৰ্মা পাগল হৈছে, পাগলখানাত আমি তেওঁক ভৰ্তি কৰাম । আমি বিপদত পৰিলে ভগৱান, আল্লাৰ নাম লওঁ; কিন্তু হিমন্তই বিপদত পৰিলে আজমলৰ নাম লয় । তেওঁ মোৰ ফ্ৰিতে প্ৰচাৰ চলাই আছে । হিমন্ত বিশ্ব শৰ্মাৰ লাজ নাই, তেওঁ সদায় মিছা মাতিছে ৷ মুখ্যমন্ত্রী হোৱাৰ সপোন ভংগ হোৱাৰ বাবেই এতিয়া হিমন্তই পাগল হৈছে বুলি ভাষণত মন্তব্য প্ৰদান কৰে এআইইউডিএফৰ অধ্যক্ষ বদৰউদ্দিন আজমলে ।